NORTHEAST NOW (Assamese)
অসম

দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ! ২লাখৰ তললৈ নামিল দৈনিক আক্ৰান্তৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 12:37 pm
Third COVID-19 wave may not happen if we take strong measures, says Centre

দেশখনত একেৰাহে কেইবাদিনো ধৰি হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ ঘটনা। মঙলবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে। সেইদৰে যোৱা ২৪ ঘন্টাত মৃত্যুৰ সংখ্যাও পুনৰ কমিছে।

সেইদৰে আৰোগ্যৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে। সকলো মিলি কোভিড পৰিস্থিতিয়ে এক আশা জগাই তুলিছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৯৬হাজাৰ ৪২৭ জন লোক।

সোমবাৰৰ তুলনাত এই সংখ্যা যথেষ্ট কম। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২ লাখ ২২হাজাৰ ৩১৫ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ৬৯লাখ ৪৮হাজাৰ ৮৭৪জনলৈ বৃদ্ধি পাইছে।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩ হাজাৰ ৫১১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ৪হাজাৰ ৪৫৪জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৭ হাজাৰ ২৩১জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ২৬হাজাৰ ৮৫০ জন ৰোগীয়ে।

সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৪০লাখ ৫৪হাজাৰ ৮৬১জন লোক।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৫লাখ ৮৬হাজাৰ ৭৮২জন। সোমবাৰে এই সংখ্যা আছিল ২৭লাখ ২০হাজাৰ ৭১৬জন।

বৰ্তমানলৈ দেশত ১৯কোটি ৮৫ লাখ ৩৮ হাজাৰ ৯৯৯ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা আগতকৈ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাটো আশাব্যঞ্জক খৱৰ। বিশেষজ্ঞসকলে অনুমান কৰা মতে জুলাই মাহত কৰ’নাৰ দ্বিতীয় ঢৌ কমি যাব।

অৱশ্যে কৰ’নাৰ তৃতীয়টো ঢৌক লৈ শংকাৰ কাৰণ এতিয়াও আছে।