NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ দ্বিতীয় ঢৌ : কিছু বিত্তীয় খণ্ডলৈ আৰ্থিক সাহাৰ্যৰ চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 2:32 pm

কেন্দ্ৰীয় চৰকাৰে কেতবোৰ মুখ্য অৰ্থনৈতিক খণ্ডৰ বাবে ক’ভিড-১৯ বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ চিন্তা-চৰ্চা কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ব্লুমবাৰ্গ ৰিপৰ্ট’ত প্ৰকাশিত বাতৰিমতে, এই খণ্ডসমূহৰ ভিতৰত আছে পৰ্যটন, বিমানসেৱা, পৰিচৰ্যাকে ধৰি বিভিন্ন সৰু আৰু মজলীয়া খণ্ডৰ উদ্যোগ আৰু সংস্থা।

আলোচনাসমূহ এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে।

বাতৰিটোত জনোৱা হৈছে যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই সম্পৰ্কত অৰ্থনীতিবিদসকলৰ লগত শেহতীয়াকৈ আলোচনাত বহিছে।

উল্লেখযোগ্য ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন ৰাজ্যত লকডাউন বাহাল আছে।

ইয়াৰ ফলত দেশখনৰ সৰু আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহৰ ব্যাপক পৰিমাণে লোকচান হৈছে।