NORTHEAST NOW (Assamese)
Popular Stories

“মোৰ অলপো লাজ নাই!” : নিজৰ অৰ্ধনগ্ন ফটো সম্পৰ্কে এইগৰাকী অভিনেত্ৰীৰ ভাষ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 8:22 pm

জনপ্ৰিয় অভিনেত্ৰী ৰাইমা সেনৰ শেহতীয়া এখন ফটোয়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে।

ফটোগ্ৰাফখনত ৰাইমা অৰ্ধ উলংগভাৱে আছে।

শৰীৰৰ তলচোৱাত নীলা ৰঙা জীনছ পৰিধান কৰিলেও উৰ্ধাংগত উন্মুক্ত কৰি ৰখা হৈছে।

ফটোখনত ৰাইমাৰ উলংগ পিঠিখন দেখা পোৱা গৈছে আৰু হাতেৰ এখন নামমাত্ৰ কাপোৰেৰে বুকু ঢাকি আছে।

১৫ মে’ৰ দিনা এটা ফটোশ্বুটত ফটোখন তোলা হৈছিল।

 

View this post on Instagram

 

A post shared by Raima Sen (@raimasen)

সামাজিক মাধ্যমত ফটোখন প’ষ্ট কৰাৰ পাছতে অনুৰাগীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে ফটোখনে।

কিছুসংখ্যক অনুৰাগীয়ে ৰাইমাক ফটোখনৰ বাবে অভিনন্দন জনালেও আন কিছুমানে কটুক্তি ধৰিব ধৰে।

শেহতীয়া এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে মানুহৰ শালীনতাবোধে আঘাত দিয়া ফটো তুলিবলৈ মোৰ কোনো অসুবিধা নাই।

“কাৰণটো হৈছে মই লাজ নাপাও।”- তেওঁ কয়।

তেওঁ কয় যে এই ফটোখনৰ উপৰিও অনেক ফটোত তেওঁ ইয়াতকৈও খোলা মেলা ৰূপত নিজকে উপস্থাপন কৰিছে।

তাৰ তুলনাত এইখন তেওঁৰ বাবে একোৱে নহয়, তেওঁ কয়।