NORTHEAST NOW (Assamese)
Popular Stories

“মোৰ ভুল হৈ গ’ল” : চীনদেশক ক্ষমা খুজিলে ডব্লিউ ডব্লিউ ই তাৰকা জন চেনাই, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2021 2:19 pm

ডব্লিউ ডব্লিউ ই চুপাৰষ্টাৰ জন চেনাই চীনদেশক ক্ষমা খুজিছে।

চীন অধিকৃত টাইৱানক এখন দেশ বুলি এখন চিনেমাৰ প্ৰমোচনেল ভিডিঅ’ত জন চেনাই কোৱাৰ বাবে চীনত তেওঁক গৰিহণা দিয়া হয়।

শেহতীয়াভাৱে জন চেনাই সামাজিক মাধ্যমযোগে এটা ভিডিঅ’ বাৰ্তা প’ষ্ট কৰি তেওঁৰ ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থনা কৰিছে।

ভিডিঅ’টোত তেওঁ চীনা ভাষাতো কথা কোৱা দেখা গৈছে।

”মই ভুল কৰিলো, মই চীনৰ জনসাধাৰণক ভাল পাওঁ আৰু সন্মান কৰো।”- তাৰকাগৰাকীয়ে কয়।

উল্লেখযোগ্য ৪৪ বৰ্ষীয় তাৰকাগৰাকীৰ চীনত অজস্ৰ অনুৰাগী আছে।