NORTHEAST NOW (Assamese)
অসম

আই নদীৰ পাৰৰ পৰিত্যক্ত গৃহৰ পৰা উদ্ধাৰ প্ৰায় ১১ লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা May 26, 2021 8:27 pm
mmmmm

বঙাইগাঁও জিলা আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
জিলাখনৰ অন্তৰ্গত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰৰ গৃহত অভিযান চলাই ২৫ লক্ষাধিক টকা মূল্যৰ ১৪০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত আৰক্ষীয়ে চৌৰাগুৰিৰ আই নৈৰ পাৰত অভিযান চলায় ৷

বিয়লি ৬ বজাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত চলোৱা অভিযানত বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী চৌৰাগুৰীৰ আই নৈৰ পাৰত এটা পৰিত্যক্ত গৃহত ৬০ বস্তা বাৰ্মিজ সুপাৰী উদ্ধাৰ কৰি জব্দ কৰে।

জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ১১ লাখ টকা হ’ব বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে এই পৰিত্যক্ত গৃহটোৰ পৰা জব্দ কৰা চুপাৰি সমূহো স্বপন কুমাৰ সৰকাৰৰে বুলি সন্দেহ কৰা হৈছে।
এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইপিনে জব্দ কৰা চুপাৰিসমূহ পিছত বঙাইগাঁও সদৰ থানালৈ লৈ আহে ৷

দেওবাৰে চিৰাঙৰ বিজনীৰ কাৱাটিকাত চিৰাং আৰক্ষীয়ে অভিযান চলৈই দহ কোটো টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত বঙাইগাঁও-চিৰাং জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।