NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মুখ্যমন্ত্ৰী: পৰ্যটকৰ বাবে গোলাঘাট আৰু নগাঁৱত নিৰ্মাণ হ’ব হেলিপেড; ক্ৰয় কৰিব ছেটেলাইট ফোন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 27, 2021 3:51 pm
CM in KNP.270521.final

আগন্তুক বানপানীত কাজিৰঙাত হ’ব পৰা সাম্ভাব্য সমস্যা আৰু এই ক্ষেত্ৰত ল’ব লগা বিশেষ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজি কাজিৰঙাত আহি উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

কাজিৰঙাৰ কহঁৰাত থকা বৰগছ নামৰ বিলাসী ৰিজৰ্টৰ সভা কক্ষত মুখ্যমন্ত্ৰী গৰাকীয়ে বান পৰিস্থিতিত বন্যপ্ৰাণী সুৰক্ষা, চোৰাংচিকাৰ প্ৰতিৰোধ আৰু কাষৰীয়া ৰাইজৰ উন্নয়ন আদি সমস্যাৰ বিষয়ে কাজিৰঙাৰ কাষৰীয়া পাঁচখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰিও উচ্চ পদস্থ বন বিষয়াৰে আলোচনাত মিলিত হয় ৷

আলোচনাত বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে ৷

আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ, চোৰাং চিকাৰ প্ৰতিহত কৰিবৰ বাবে আৰু স্থানীয় ৰাইজৰ সামগ্ৰিক উন্নয়নৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে ৷

আজি কাজিৰঙাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশাৱলীসমূহ হ’ল:-

১: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে ইতিমধ্যে গঠন হোৱা স্পেচিয়েল টাস্ক ফ’ৰ্চক অধিক শক্তিশালী কৰাৰ বাবে ফৰ্চটোৰ শীৰ্ষত এজন ডি জি পি,  এজন অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এজন উপ আৰক্ষী অধীক্ষক নিযুক্তি দিবৰ বাবে নিৰ্দেশ দিয়ে ৷

২: ৰাজ্যৰ বনাঞ্চলত কৰ্মৰত বনকৰ্মী সকলক দি অহা ৮৪০ টকাৰ মাহেকীয়া ৰেচন ২০০০ টকালৈ বৃদ্ধি কৰি ২/৩ দিনৰ ভিতৰতে দিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

৩: কাজিৰঙাৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে যোগাযোগ ব্যৱস্থা আৰু বেছি শক্তিশালী কৰাৰ বাবে ১০ টা ছেটেলাইট ফোন আৰু অধিক ঘাতক ৰাইফল তাৎক্ষণিকভাৱে ক্ৰয় কৰিবৰ বাবে লগতে বন সুৰক্ষা বাহিনীক মান্দাকাটাত থকা প্ৰশিক্ষণ কেন্দ্ৰত উচ্চ প্ৰশিক্ষণ দিবৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

৪: কাজিৰঙাৰ কাষৰীয়া গাওঁ সমুহত এসপ্তাহৰ ভিতৰতে ক’ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে স্বাস্থ্য বিভাগ আৰু গাওঁবোৰৰ পোহনীয়া পশুধনক প্ৰয়োজনীয় প্ৰতিষেধক তৎকালে প্ৰদান কৰিবৰ বাবে পশু চিকিৎসা বিভাগক তেওঁ নিৰ্দেশ প্ৰদান কৰে ৷

৫: আলোচনাৰ কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ কাষৰীয়া গাওঁবাসীক আস্থাত লৈ গাওঁসমুহৰ উন্নয়নৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ইয়াৰ বাবে কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যক লৈ এখন তিনিজনীয়া সমিতি গঠন কৰি দিয়ে ৷ এই সমিতিক কাষৰীয়া গাওঁৰ উন্নয়নৰ বাবে দীৰ্ঘ ম্যাদী আঁচনি প্ৰস্তুত কৰিবৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ৷

৬: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খালী হৈ থকা সমুহ পদ শীঘ্ৰেই পূৰণ কৰাৰ লগতে কাজিৰঙালৈ প্ৰেৰণ কৰা বন কৰ্মী সকলে শীঘ্ৰেই কাজিৰঙাত যোগদান নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

৭: দীৰ্ঘদিন ধৰি জৰীপ চলি থকা কাজিৰঙাৰ সমুহ এনিমেল কৰিডৰ শীঘ্ৰেই চিনাক্ত কৰি চূড়ান্ত কৰিবৰ বাবে আজিৰ আলোচনাত বন বিভাগক মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে ৷

৮: কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বাবে আৰু দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে গোলাঘাট আৰু নগাওঁ জিলাত একোখনকৈ হেলিপেড নিৰ্মাণ কৰাৰ লগতে অসম চৰকাৰৰ দ্বাৰা বৃহৎ আকাৰৰ অতিথিশালা নিৰ্মাণৰ আঁচনি হাতত ল’বৰ বাবেও মুখ্যমন্ত্ৰীয়ে আজিৰ আলোচনা কালত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ৷

আলোচনাৰ শেষত অসম চৰকাৰৰ মুখপাত্ৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেলত এই সমুহ নিৰ্দেশাৱলী সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷