NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ত ওলমিব ‘ন্যায় ঘড়ী’; পৰ্দাত প্ৰদৰ্শিত হৈ থাকিব চলি থকা গোচৰসমূহ

Posted by: এন ই নাও নিউজ March 27, 2018 8:36 pm
Gauhati-High-Court

গুৱাহাটী উচ্চ ন্যায়ালয়ত শীঘ্ৰে ওলমিব ‘ন্যায় ঘড়ী’। এই ‘ন্যায় ঘড়ী’ এক এল চি ডি পৰ্দা য’ত ভাৰতৰ আটাইবিলাক উচ্চ ন্যায়ালয়ে প্ৰতিদিনে নিষ্পত্তি কৰা গোচৰসমূহ প্ৰদৰ্শিত হ’ব।

গুৱাহাটীকে ধৰি দেশৰ ২৪ খন উচ্চ ন্যায়ালয়ত ওলমিব লগা এই ঘড়ীত নিষ্পত্তি নোহোৱা গোচৰসমূহ আৰু প্ৰতিখন উচ্চ ন্যায়ালয়ৰ নিজা নিজা ৰেংকো প্ৰদৰ্শিত হ’ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ এই ‘ন্যায় ঘড়ী’ ধাৰণাটো আগবঢ়াইছিল। ন্যায়িক বিষয়সমূহ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে।

লগতে ন্যায়ালয়সমূহৰ মাজত প্ৰতিযোগিতা সৃষ্টিৰ বাবে আৰু গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত প্ৰদৰ্শন অনুযায়ী ৰেংক প্ৰদানৰ বাবেও লক্ষ্য লোৱা হৈছে।

নতুন দিল্লীৰ ন্যায়িক বিভাগৰ কাৰ্য্যালয়ত প্ৰথমে এই ‘ঘড়ী’ৰ এক মদেল স্থাপন কৰা হৈছিল।

সূত্ৰ অনুসৰি দেশৰ সকলো নিম্ন আদালতটো এনে ঘড়ী স্থাপনৰো পৰিকল্পনা আছে।