NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত অসম যুৱ পৰিষদৰ চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 29, 2021 9:05 pm
index.jpg

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আজি শিৱসাগৰ নগৰৰ বহুকেইটা স্থানত চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ কৰা এই চেনিটাইজেশ্যন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে।

কৰোনা মহামাৰীৰ সময়ত অসম যুৱ পৰিষদে শিৱসাগৰ নগৰত কৰোনা সংক্ৰমণ ৰোধৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰিলে সেয়া অতি প্ৰশংসনীয় বুলি মন্তব্য কৰে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।

উল্লেখ্য যে আজি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ উপৰিও কেন্দ্ৰীয় বজাৰ, কে পি চাৰিআলি, দ’লমুখ চাৰিআলি, হস্পিতাল ৰ’ড, ষ্টেচ্যন চাৰিআলি, অসম ৰাজ্যিক পৰিবহন নিগম চৌহদ আদিকে ধৰি সমগ্ৰ শিৱসাগৰ নগৰত চেনিটাইজেশ্যন কৰা হয়।

উক্ত চেনিটাইজেশ্যন কাৰ্যসূচীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাই, উপ-সভাপতি সুশান্ত দত্ত, সাংগঠনিক সম্পাদক পৰাগ বঢ়াগোঁহাইকে ধৰি আন বহু নেতা কৰ্মী উপস্থিত থাকে।

অসম যুৱ পৰিষদৰ এই কাৰ্যক সমগ্ৰ শিৱসাগৰ নগৰবাসীয়ে প্ৰশংসা কৰিছে।