NORTHEAST NOW (Assamese)
অসম

ভেকচিনৰ নহয় নাটনি: জুন মাহৰ ভিতৰত কোভিশ্বিল্ডৰ ১০ কোটি ড’জ প্ৰস্তুত কৰিব ছেৰাম ইনষ্টিটিউটে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 8:21 pm
zz

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ৰাতিক দিন কৰি কাম কৰি আছে।

এই ক্ষেত্ৰত আমেৰিকাৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে আবিষ্কাৰ কৰা কোভিডৰ ভেকচিন কোভিশ্বিল্ডে বিশেষ আশাৰ ৰেঙণি দেখুৱাইছে।

ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটৰ উদ্যোগত কোভিশ্বিল্ডৰ উৎপাদন পূৰ্ণ গতিত চলি আছে।
দেশত এতিয়া ভেকচিন তীব্ৰ নাটনিয়ে দেখা দিছে যদিও ভাৰত চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ সকলো লোককে ভেকচিন প্ৰদান কৰিব পৰা যাব বুলি ঘোষণা কৰিছে।

এনে সময়তে আজি পুনেস্থিত ছেৰাম ইনষ্টিটিউটে এইবুলি ঘোষণা কৰিছে যে জুন মাহৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে কোভিশ্বিল্ডৰ ১০ কোটি ড’জ সাজু কৰি তুলিবলৈ সক্ষম হ’ব।

ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীকলৈ এই কথা জনাই প্ৰতিষ্ঠানটোৱে এখন পত্ৰও প্ৰেৰণ কৰিছে। পত্ৰ খনত কোৱা হৈছে যে অতিমাৰীৰ সময়ত প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে ৰাতিক দিন কৰি কাম কৰি আছে।

ছেৰামৰ শীৰ্ষ বিষয়াপ্ৰকাশ কুমাৰ সিঙে পত্ৰ খনত প্ৰকাশ কৰিছে যে ভেকচিনৰ নাটনি দূৰ কৰিবলৈ ছেৰাম প্ৰতিজ্ঞাবদ্ধ। জুন মাহৰ ভিতৰতে ছেৰামে ১০ কোটি কোভিশ্বিল্ডৰ ড’জ দেশবাসীৰ কাষলৈ লৈ যাবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে কয়।

মে’ মাহত ছেৰামে ৬ কোটি কোভিশ্বিল্ডৰ ড’জ প্ৰস্তুত কৰা বুলিও তেওঁ উল্লেখ কৰে।