NORTHEAST NOW (Assamese)
অসম

অচিৰেই ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত প্ৰায় দহ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব

Posted by: এন ই নাও নিউজ March 28, 2018 8:43 am
Himanta

অচিৰেই ৰাজ্যৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়বোৰত প্ৰায় ১০ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব। অসম বিধানসভাত ২৭ মাৰ্চত এই গুৰুত্বপূৰ্ণ তথা শিক্ষিত নিবনুৱাৰ মাজত আশা সঞ্চাৰী ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মাদ্ৰাছাবোৰকো সামৰি লোৱা হ’ব এই নিযুক্তিৰ মাজত। মন্ত্ৰী শৰ্মাই কয় যে  উক্ত নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইতিপূৰ্বে যোৱা ১১ মাৰ্চত বিজ্ঞাপন প্ৰকাশ কৰিছে।

শিক্ষা মন্ত্ৰীৰ তথ্য অনুসৰি নিযুক্তি দিব লগীয়া শিক্ষকৰ মুঠ সংখ্যা হ’ব ৯৫১৩গৰাকী। মন্ত্ৰীজনে কয় যে এই নিযুক্তিৰ জৰিয়তে ২১খন জিলাত বৰ্তমান থকা শিক্ষকৰ ঘাটি দূৰ কৰিব পৰা যাব।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীৰ এই ঘোষণা শিক্ষিত নিবনুৱাই ভৰি থকা ৰাজ্যখনত বহুতৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। লগতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতত শিক্ষক নথকা বিদ্যালয়বোৰত ইয়াৰ জৰিয়তে তাল-মিল ৰাখিব পৰা যাব।

মন্ত্ৰী শৰ্মাই এই প্ৰসংগত কয় যে শিক্ষাৰ অধিকাৰ আইন-২০০৯ অনুসৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত ৰক্ষা কৰিবলৈ সময়ে সময়ে শিক্ষক নিযুক্তি দিয়া হৈছে আৰু অনাগত দিনতো অনুপাতৰ ভিত্তিত শিক্ষক নিযুক্তি দিয়া হৈ থাকিব।