NORTHEAST NOW (Assamese)
অসম

টীয়ক আৰক্ষীয়ে জব্দ কৰিলে বৃহৎপৰিমাণৰ জীৱনদায়িনী ঔষধ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 1, 2021 1:17 pm
life drugs teok

যোৰহাট  জিলাৰ টীয়ক আৰক্ষী থানা আৰু লাহদৈগড় আৰক্ষী চকীৰ যুটীয়া অভিযানত যোৱা নিশা কাকজান বাম কুকুৰাচোৱাৰ পৰা বৃহৎ পৰিমাণৰ জীৱনদায়িনী ঔষধ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পৱন তামুলী ওৰফে বাবুল নামৰ ব্যক্তি জনৰ ঘৰত বৃহৎ পৰিমাণৰ ঔষধ মজুত থকাৰ কথা জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ঔষধ, চেলাইন, চিৰিঞ্জ আদি জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষীৰ আগমনৰ খৱৰ পাই পৱন তামুলী পলায়ন কৰে। সম্প্ৰতি পলাতক হৈ আছে তামুলী।

লক্ষ্যণীয় এই যে এই বৃহৎ পৰিমাণৰ জীৱনদায়িনী ঔষধ অকৰ্তৃত্বশীলভাৱে কি কাৰণত এনেদৰে মজুত কৰিছিল সেয়া ৰহস্যৰ বিষয়।