NORTHEAST NOW (Assamese)
অসম

লংকাত চিকিৎসক আক্ৰমণ কাণ্ড: মহিলাসহ ২৪ গৰাকী লোকক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 2, 2021 12:18 pm
doc

ক’ৰ’নাতংকই বিৰাজ কৰা অসমত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হোজাই জিলাৰ লংকাৰ ফুলতলি মডেল হাস্পতালত মঙলবাৰে গিয়াছুদ্দিন নামৰ এজন কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটাৰ পিছতে একাংশ লোকে কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ লগতে চিকিৎসালয় খনত থকা বহু কেইগৰাকী নাৰ্চ আৰু স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰিছিল।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ২৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে।

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ কৰা লোক কেইগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে অভিযোগনামা দাখিল কৰা হ’ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ঘটনাটোক গুৰুত্ব সহকাৰে লৈ সমগ্ৰ ঘটনাক্ৰম পৰ্যবেক্ষণ কৰি থকা বুলি প্ৰকাশ কৰিছে।

এই ঘটনাৰ লগত জৰিত আটাইকেইজন অপৰাধীকে নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক জৰুৰী নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আক্ৰমণৰ বলি ডাঃ সেউজ সেনাপতিক দেখা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে।

দুদিনীয়া কাৰ্যসূচীৰে উজনি আৰু উত্তৰ অসমত ক’ভিড পৰিস্থিতি বুজ লোৱাৰ মাজতে বিশ্বনাথৰ পৰা আজি সন্ধিয়া ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকগৰাকীক নিজে সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী মহন্তই কয়, ‘এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, আমি মৰ্মাহত হৈছো। এই ঘটনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৰিহণা দি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ধৰণৰ ঘটনাক আমি কোনো কাৰণতে সহ্য নকৰো।”

“ঘটনাত জৰিত কাকো ৰেহাই দিয়া নহ’ব। ক’ভিডৰ এই জটিল সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই থকা আমাৰ প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ গাত হাত দিয়া বাদেই নোম এডালো যদি স্পৰ্শ কৰে তেন্তে তেনে কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব।”

ইয়াৰোপৰি, ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা ৰাজ্যৰ কোনো চিকিৎসক-চিকিৎসাকৰ্মীৰ গাত হাত দি কোনোৱেই সাৰি যাব নোৱাৰিব।”

ক’ভিড পৰিস্থিতিৰ এই জটিল সময়ৰ মাজতে চিকিৎসকৰ ওপৰত সংঘটিত এই আক্ৰমণক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘হোজাইৰ ওদালিত সংঘটিত এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ প্ৰত্যোত্তৰ দিব লাগে, সেই প্ৰত্যোত্তৰ আজি নিশাৰ ভিতৰতে দিয়া হ’ব। কোনেও ৰেহাই নাপাব।’

আক্ৰমণত গুৰুতৰ ভাৱে আহত চিকিৎসকগৰাকীক উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অপৰাধীসকলৰ তালিকা :
১. ম: কামাৰুদ্দিন
২. ম: জৈনালুদ্দিন
৩. ম: ৰাহানুদ্দিন
৪. চাইফুল আলম
৫. ৰহিমুদ্দিন
৬. ৰিজুল ইছলাম
৭. টাইবুৰ ৰহমান
৮. ৰহিমুদ্দিন
৯. আব্দুল কালাম
১০. নুৰজুল ইছলাম
১১. আব্দুল গুমি
১২. দিলৱাৰ হুছেইন
১৩. আব্দুল হুছেইন
১৪. আনোৱাৰ হুছেইন
১৫. ইক্ৰামুল হুছেইন
১৬. নাছিৰুদ্দিন
১৭. আলিমুদ্দিন
১৮. জামিল আহমেদ
১৯. চাহিল ইছলাম
২০. চৰিফুদ্দিন
২১. চাফিকুদ্দিন
২২. মফিজুৰ ৰহমান
২৩. মতিবুৰ ৰহমান
২৪. মিছ মিচবা বেগম