NORTHEAST NOW (Assamese)
অসম

‘আশা’ কৰ্মীসকল সমাজৰ স্বাস্থ্যৰ কটকী : আশা’ অভিৱৰ্তনত উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল

Posted by: এন ই নাও নিউজ March 28, 2018 9:28 am
ASHA_Worker

আশা কৰ্মীসকলৰ অৱদানৰ শলাগ লৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে ‘আশা’ কৰ্মীসকলক সমাজৰ স্বাস্থ্যৰ কটকী বুলি কয়। ‘আশা’ কৰ্মীসকলক সমাজৰ ভেটি বুলিও তেওঁ অভিহিত কৰে। আশা কৰ্মীসকলৰ অবিহনে স্বাস্থ্য বিভাগৰ প্ৰগতিৰ কথা কল্পনাই কৰিব নোৱাৰি বুলি কৈ তেওঁ কয় ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যি উন্নতি হৈছে সেয়া আশাকৰ্মীসকলৰ বাবেই হৈছে।

২৭ মাৰ্চত স্থানীয় কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজিত কামৰূপ মহানগৰ জিলাৰ তৃতীয় ‘আশা’ অভিৱৰ্তন উদ্বোধন কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে এইদৰে কয়।

কামৰূপ মহানগৰ জিলাত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা, হস্পিটেলত জন্মৰ হাৰ বৃদ্ধি আদি ক্ষেত্ৰত লাভ কৰা সফলতাৰ আৰঁতো আশা কৰ্মীসকলৰ অৱদান আছে বুলি তেওঁ কয়।

অনাময় ব্যৱস্থা তথা স্বাস্থ্য খণ্ডৰ লগত বহুদিন ধৰি জড়িত থকাৰ কথা ব্যক্ত কৰি তেওঁ আশা কৰ্মীসকলক সমাজৰ বাবে আশাৰ ৰেঙনি বুলি কয়।

সভাখনত উপায়ুক্তজনে ১৫ গৰাকী ‘আশা’ কৰ্মীক তেওঁলোকে তৃণমূল পৰ্যায়ত আগ বঢ়োৱা উল্লেখনীয় সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই বিশিষ্ট অতিথি হিচাপে ভাষণ দি সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য খণ্ডত আশা কৰ্মীসকলৰ অসামান্য অৱদানৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে অভিৱৰ্তনখনত প্ৰায় তিনিশ আশা কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অভিৱৰ্তনত আশা কৰ্মীসকলৰ অভাৱ-অভিযোগসমূহৰ বিষয়েও আলোচনা কৰা হয়।

কাৰ্য্যসূচীৰ অন্তত কামৰূপ জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াই অভিৱৰ্তনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে স্বাস্থ্য বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে।