NORTHEAST NOW (Assamese)
অসম

ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কৃষিভূমি ধ্বংস কৰি ইটাভাতা নির্মাণৰ বিৰোধিতা ছাত্র মুক্তিৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 3, 2021 10:50 am
IMG-20210601-WA0069

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ সোঁমাজত ‘এ বি’ নামেৰে এটা ইটাভাতা স্থাপনৰ যো-জা কৰাক লৈ মহকুমাটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে চাৰিওফালে কৃষিভূমিৰে আৱৰি থকা এলেকাত উদ্যোগ প্ৰতিষ্ঠা কৰাটো নীতিবিৰুদ্ধ বুলি মন্তব্য প্ৰকাশ কৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।

চাৰিওফালে চহা কৃষকৰ কৃষিভূমিযে আৱৰি থকা ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কোনোপধ্যে ইটাভাতা নিৰ্মাণৰ অনুমতি নিদিবলৈ মহকুমাধিপতিক দাবী জনোৱাৰ লগতে ইয়াৰ ফলত শ শ বিঘা কৃষিভূমি ধ্বংস হোৱাৰ উপৰিও ব্যাপক বায়ু, পানী আৰু ভূমি প্ৰদূষণ হব বুলিও আঙুলিয়াই দিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় কৃষক ৰাইজ সংকটত পৰাটো খাটাং বুলি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই দাবী কৰি কৃষিভূমি আৰু কৃষিজীৱীৰ জীৱনক হেতালি খেলি এটা  উদ্যোগ স্থাপনৰ কিহৰ ভিত্তিত আৰু কিদৰে অনুমতি প্ৰদান কৰা হল তাৰ তদন্ত কৰিবলৈ বুধবাৰে ছাত্র মুক্তি সংগ্ৰাম সমিতি,তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ  প্ৰদান কৰে।

এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।