NORTHEAST NOW (Assamese)
অসম

কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা বিপিন বৰ্মনৰ বিয়োগ, কোচ ৰাজবংশী যুৱ -ছাত্ৰ সন্মিলনী আৰু আক্ৰাছুৰ শোক প্ৰকাশ

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 3, 2021 2:20 pm
bbb

কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা বিপিন বৰ্মনৰ বিয়োগত সদৌ অসম কোচ ৰাজবংশী যুৱ -ছাত্ৰ সন্মিলনীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷
এক বিবৃতিযোগে সদৌ অসম কোচ ৰাজবংশী যুৱ -ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে বিপিন বৰ্মনৰ বিয়োগত কোচ ৰাজবংশী জনগোষ্ঠীয়ে এজন গবেষক, লিখক তথা সমাজ সচেতক এজন হেৰুৱালে৷ সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে তেওঁৰ বিয়োগত বুধবাৰৰ পৰা সাত দিনীয়া শোক পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এই সাত দিনত সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সকলো কাৰ্যালয়ৰ পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব বুলিও নেতাদ্বয়ে বিবৃতিযোগে জনায়৷আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী আপোচহীন লিখক,সুসাহিত্যিক ,প্ৰৱন্ধকাৰ ,গীতিকাৰ ,সুবক্তা, জনগোষ্ঠীটোৰ হকে সদা সচেতন,জাতিৰ অক্লান্ত সেৱক তথা কোকৰাঝাৰ নিবাসী বিপিন চন্দ্ৰ বৰ্মনৰ মত্যুত কোচ ৰাজবংশী জাতিয়ে এগৰাকী অভিভাৱকক হেৰুৱালে বুলি মন্তব্য কৰিছে সদৌ কোচ ৰাজংবশী ছাত্ৰ সন্থাই ৷
এক প্ৰেছ বিবৃতিত সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু যুটীয়া সাধাৰণ সম্পাদক কেশৱ ৰায় আৰু সঞ্জয় ৰায়ে বিপিন চন্দ্ৰ বৰ্মনৰ মৃত্যু জাতিটোৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্যউপদেষ্টাগৰাকীৰ মৃত্যুত আক্ৰাছুৰ প্ৰতিগৰাকী কৰ্মকৰ্তা মৰ্মাহত হোৱা বুলি কয় ।

আক্ৰাছুৰ নেতৃত্বই বিপিন চন্দ্ৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেঁওৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে ৷

লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ সেইদৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা বিপিন বৰ্মনৰ বিয়োগত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আনটো গোটৰ ভাৰপ্ৰাপ্ত সভাপতি পুৰেন ৰায়েও গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোক সন্তক পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷

উল্লেখ্য যে কোকৰাঝাৰ আৰ এন বি চিভিল হাস্পতালত ৭৮ বছৰ বয়সত বিপিন বৰ্মনৰ বিয়োগ হৈছিল ৷