NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত অনাথ শিশুৰ মাজত সাহায্য সামগ্ৰী বিতৰণ আসাম ৰাইফলছৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 4, 2021 7:41 pm
bbb

শিৱসাগৰত শুকুৰবাৰে বহু সংখ্যক অনাথ শিশুক খাদ্যৰ লগতে যাৱতীয় বিভিন্ন সামগ্ৰী প্ৰদানেৰে মহানুভৱতা দেখুওৱালে জয়পুৰৰ আসাম ৰাইফলছ বেটেলিয়নে ।

বেটেলিয়নটোৱে শিৱসাগৰস্থিত প্ৰজ্ঞালয় শিশু গৃহ আৰু তোলনীয়া শিশু প্ৰতিপালন কেন্দ্ৰৰ অনাথ শিশু সকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীৰ লগতে মাস্ক, চেনিটাইজাৰ , কাপোৰ ইত্যাদি।

প্ৰজ্ঞালয় শিশু গৃহত থকা ৬-৭ মহীয়া কেঁচুৱাৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩-১৪ বছৰীয়া শিশু সকলৰ মাজত বিতৰণ কৰে সামগ্ৰী সমূহ।

আংশিক লক্ ডাউনৰ সময়তে আসাম ৰাইফলছৰ এনে কৰ্মই সমাজত মানৱীয় প্ৰমূল্যবোধৰ উদাহৰণ দাঙি ধৰা বুলি কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰজ্ঞালয় শিশুগৃহৰ পৰিচালক ভবেন মহনে