NORTHEAST NOW (Assamese)
অসম

অসমত আজি কোভিডত কিমান লোক হ’ল আক্ৰান্ত-কিমানৰ মৃত্যু?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2021 8:51 pm
1800x

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়া লক্ষ্যণীয় ভাবে কমি আহিছে।

ৰাজ্যত আজি কোভিড পজিটিভিটিৰ হাৰ চাৰি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৪৪ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩৭৮১ গৰাকী লোক ।
আজি ১১৫৯৬৮ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ২৭৬ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ৩.২৬ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৬.৯৭শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।

আজি ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ উন্নতি হোৱালৈ চাই কোভিড এছঅ’পিৰ কিছু সাল-সলনি ঘটাইছে।

সেইমৰ্মে ৬ জুনৰ পৰা দিনৰ ১২ বজালৈ ৰাজ্যৰ সকলো স্থানতে খোলা ৰাখিব পৰা যাব দোকান-পোহাৰ আদি।