NORTHEAST NOW (Assamese)
অসম

ওহানত সংক্ৰমণ হোৱাৰ বহু বছৰ পূৰ্বেই চীনৰ আন এঠাইত হৈছিল ‘ক’ৰ’না’ৰ সংক্ৰমণ! বিজ্ঞানী দম্পতিৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2021 10:56 pm
scientist-couple

সম্প্ৰতি ভাৰতকে ধৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে মহা সংহাৰৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰথম সংক্ৰমণ চীনৰ ওহানত হোৱা বুলি ধাৰণা কৰি অহা হৈছে যদিও ওহানত সংক্ৰমণ হোৱাৰ পূৰ্বেই চীনৰ আন এঠাইত এই মাৰক ৰোগবিধৰ সংক্ৰমণ ঘটিছিল।

এই দাবী কৰিছে ভাৰতৰ পুনেস্থিত এহাল বিজ্ঞানী দম্পতিয়ে।বিজ্ঞানী দম্পতি ডাঃ ৰাহুল বাহালিকাৰ আৰু ডাঃ মনালি ৰাহালকাৰে দাবী কৰা অনুসৰি ২০১২ চনতে চীনত ক’ৰ’না সদৃশ এবিধ ভাইৰাছৰ সংক্ৰমণ ঘটিছিল।

বিজ্ঞানী দম্পতিহালে বিভিন্ন গৱেষণা আৰু তথ্যৰ আধাৰত এই কথা কৈছে যে ২০১২ চনত দক্ষিণ চীনৰ মোজিয়াঙৰ তামৰ খনিত ৬ জনকৈ শ্ৰমিক এক ধৰণৰ ভাইৰাছত আক্ৰান্ত হৈছিল।

সেই ভাইৰাছ আছিল RATG13। মূলতঃ বাদুলীৰ বিষ্ঠাৰ পৰাই এই ভাইৰাছ বিধ বিয়পিছিল।তামৰ খনিটোত বহুত বাদুলী আছিল আৰু সেই বাদুলীৰ বিষ্ঠা শুকাই গৈ ধূলিৰ ৰূপ লৈছিল ।

সেই ধূলি শ্ৰমিকৰ উশাহত দেহৰ ভিতৰলৈ যোৱাত তেওঁলোক RATG13 ভাইৰাছত আক্ৰান্ত হৈছিল।

RATG13 ভাইৰাছ ক’ৰ’না ভাইৰাছৰে সমগোত্ৰীয় বুলি বিজ্ঞানী দম্পতিহালে দাবী কৰিছে।

তেওঁলোকৰ মতে RATG13 ভাইৰাছত আক্ৰান্ত লোক আৰু ক’ৰ’নাত আক্ৰান্ত লোকৰ ৰেডিঅ’লজি ৰিপ’ৰ্টৰ মাজত বহু খিনি মিল পোৱা গৈছে। ৱাল ষ্ট্ৰীট জাৰ্ণালতো এই বিষয়ে বিস্তৃত ভাবে প্ৰকাশ পোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে।

চীনৰ ক’ৰ’নাৰ চিকিৎসক হিচাবে পৰিচিত ঝং নানছানৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কথা পাতিও দম্পতিহালে সেই সময়ত চীনত ক’ৰ’নাৰ লক্ষণৰ সৈতে মিল থকা ৰোগৰ সংক্ৰমণৰ তথ্য নিশ্চিত কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে।