NORTHEAST NOW (Assamese)
অসম

কথা আছিল ঘৰে ঘৰে বিদ্যুৎ সেৱাৰ; পিচে এতিয়াও চাকিৰ পোহৰতে সপোন দেখিছে বহু ছাত্ৰ-ছাত্ৰীয়ে

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 7, 2021 6:31 am
IMG_20210606_173126

বঙাইগাঁও জিলা তথা সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ডত আজিও বিদ্যুত সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে বহু পৰিয়াল।

আজিৰ দিনতো চাকিৰ পোহৰত নিজৰ ভৱিষ্যত জীৱনৰ সপোন দেখি আছে এই বিদ্যুৎ বঞ্চিত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে।

প্ৰায় এবছৰ পূৰ্বে  খুটা পুতিছিল যদিও আজিলৈকে বিদ্যুৎ সংযোগ কৰা নাই বিদ্যুৎ বিভাগে। আনকি বিদ্যুৎ সংযোগৰ আগতেই কেইবাটাও খুটা যোৱা বছৰ ধুমুহাই ভাঙি পেলায়।

কিছু ঠাইত বিদ্যুৎ সংযোগ আছে যদিও বাহ, তামোল গছ আদিকে খুটা হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। বহু ঠাইত মাটিৰ পৰা ১/২ ফুট উচ্চতাত বিদ্যুৎ পৰিবাহী তাঁৰ টানি লোৱা দেখা গৈছে। ফলত যিকোনো সময়ত ভয়ংকৰ বিপদ ঘটিব পাৰে।

সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াক বহুবাৰ অনুৰোধ কৰিও সুফল পোৱা নাই স্থানীয় লোকসকলে। আনকি ঠিকাদাৰৰ খামখেয়ালিৰ বাবে এনেকুৱা হৈ আছে বুলি একাংশই অভিযোগ কৰিছে। প্ৰতিখন গাঁৱতে যেন বিদ্যুৎ সংযোগ তথা ডিজিটেল ভাৰতৰ এয়া বাস্তৱ ৰূপ।