NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ঐতিহাসিক যুগৰ এখন নাওৰ সম্ভেদ! অব্যাহত আছে উদ্ধাৰ অভিযান

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 7, 2021 7:47 am
IMG_20210606_144043

গোলাঘাটত সম্ভেদ পোৱা গৈছে ঐতিহাসিক যুগৰ এক প্ৰত্নতাত্ত্বিক সম্পদৰ। নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাও।

গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত সম্ভেদ পোৱা গৈছে এই নাওখনৰ।

ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওখনৰ বিষয়ে।

দেওবাৰে পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন, প্ৰত্নতাত্বিক বিভাগৰ লোক, এচডিআৰএফ বাহিনী আৰু বিধায়ক মৃণাল শ‌ইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

বৰ্তমান নাওখন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও এচডিআৰএফ আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে উদ্ধাৰৰ প্ৰচেষ্টা।

অৱশ্যে নাওখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। নাওখন প্ৰায় ৫০ ফুট দৈৰ্ঘ্যৰ হ’ব বুলি অনুমান কৰা হৈছে।