NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণ আৰু হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু ধৰ্মগুৰু ৰাম ৰহিম কৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2021 10:51 am
WhatsApp Image 2021-06-07 at 10.24.33 AM

ধৰ্ষণ আৰু হত্যাৰ অপৰাধত অভিযুক্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিপ্ৰাপ্ত স্বয়ম্ভু ধৰ্মগুৰু ৰাম ৰহিম কৰ’নাত আক্ৰান্ত হৈছে।

হাৰিয়ানাৰ ৰোহতকৰ ছুনাৰিয়া জিলাত বন্দীত্বৰ জীৱন যাপন কৰা ৰাম ৰহিমক দেওবাৰে গুৰগাঁৱৰ এখন বেচৰকাৰী হাস্পাতাললৈ নিয়া হয়।

যোৱা ৩জুনত পেটৰ বিষত ভোগাৰ পাছত তেওঁক ৰোহতকৰ পি জি ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ নি কেইবাটাও পৰীক্ষা কৰা হয় যদিও ৫৩ বছৰীয়া স্বয়ম্ভু ধৰ্মগুৰুগৰাকীয়ে কৰ’না টেষ্ট কৰিবলৈ অমান্তি হয়।

অৱশেষত দেওবাৰে তেওঁক গুৰগাঁৱৰ মেদান্ত হাস্পাতললৈ লৈ গৈ কৰ’না টেষ্ট কৰা হয় আৰু কোভিড-১৯ পজিটিভ ধৰা পৰে।

উল্লেখ্য যে যোৱা মাহতেই পেৰ’লত মুক্তি পাইছিল ৰাম ৰহিমে। অসুস্থ মাতৃক চাবলৈ যোৱাৰ বাবে তেওঁক সাময়িকভাৱে মুক্তি দিছিল। তেওঁৰ এই মুক্তিৰ বিৰোধিতা কৰি বিভিন্নজনে সৰৱ হৈ পৰিছিল।

২০১৭চনৰ ২৫ আগষ্টত ধৰ্মীয় সংগঠন ডেৰা চাচা চৌদাৰ মুৰব্বী ৰাম ৰহিমক ২০বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে। দুগৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত অভিযুক্ত হোৱাৰ লগতে সাংবাদিক ৰামচন্দৰ ছত্ৰপতিৰ হত্যাৰ অপৰাধত দোষী সাৱ্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৰাম ৰহিম।