NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসমূহলৈ সকাহ: ১৮-৪৪ বছৰৰ লোকৰ বাবেও কেন্দ্ৰই দিব বিনামূলীয়া ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2021 7:27 pm
modi

ক’ভিডৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰে যোৱা ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত ব্যক্তিসকলক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল।দুটাকৈ এপৰ যোগেদি নিজৰ মোবাইলৰ পৰা অনলাইনযোগে নিজৰ লগতে পৰিয়ালৰ নাম পঞ্জীভূক্ত কৰাৰ ব্যৱস্থা কৰিছিল।

সেইমৰ্মে দেশৰ লাখ লাখ জনতাই ভেকচিনৰ বাবে নাম পঞ্জীয়ন কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ৪৫ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিছিল যদিও ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকসলৰ বাবে প্ৰি খন ৰাজ্য চৰকাৰে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা ভেকচিন ক্ৰয় কৰিবলগীয়া হৈছিল।

কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰ সমূহে ভেকচিনৰ বাবে কোনো ধন ব্যয় কৰিবলগীয়া নহ’ব। কিয়নো কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক ১৮-৪৪ বছৰৰ লোকসকলৰ বাবেও বিনামূলীয়াকৈ ভেকচিনৰ যোগান ধৰিব।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত উৎপাদিত ভেকচিনৰ ৭৫ শতাংশ চৰকাৰে ক্ৰয় কৰিব আৰু সেই ভেকচিন ৰাজ্য চৰকাৰ সমূহক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

২১ জুনৰ যোগ দিৱসৰ পৰাই কেন্দ্ৰই এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখ্য ১ মে’ৰ পৰা ৰাজ্য চৰকাৰসমূহক ২৫ শতাংশকৈ ভেকচিন প্ৰদান কৰি থকা হৈছে।

১৮-৪৪ বছৰৰ লোকসকলে ইচ্ছা কৰিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ভেকচিন ল’ব পাৰিব । ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ২৫০ টকাকৈ ল’ব পাৰিব।