NORTHEAST NOW (Assamese)
অসম

কেবিনেটৰ সিদ্ধান্ত: প্ৰতিবছৰে প্ৰদান কৰা হ’ব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 8, 2021 2:11 pm
WhatsApp Image 2021-06-08 at 1.52.58 PM

অসম চৰকাৰৰ কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত প্ৰতিবছৰে বিশিষ্ট ব্যক্তিলৈ অসম ৰত্নকে ধৰি মুঠ চাৰিটা বঁটা প্ৰদানৰ সিদ্ধান্তও লোৱা হয়।

কেবিনেট বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে যে  অসম চৰাকেৰ শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে অসম ৰত্ন বটাঁ প্ৰদান কৰা হ’ব ৷

এই বটাঁত পাঁচ লাখ টকা থাকিব ৷ বটাঁ প্ৰাপক সকলক বিমানমূলীয়া চিকিৎসা সেৱাৰ লগতে চাৰ্কিট হাউচত থকা সুবিধা প্ৰদান কৰা হব।

আনহাতে, সাহিত্যিকৰ পেঞ্চনসমূহ ৭ ডিচেম্বৰত হোমেন বৰগোহাঞি জন্ম দিৱসত ঘোষণা কৰা হব ৷

বিশিষ্ট ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা জন্ম দিনটোত ঘোষণা কৰা হব কেইবাটাও বঁটা।

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা বিভাগৰ পৰা আগবঢ়াবলগীয়া বিশেষ বঁটাৰ বিষয়ে জানিবলৈ দিয়ে।

অসম ৰত্ন বঁটাৰ উপৰি আগবঢ়াবলগীয়া আন তিনিটা বঁটা হৈছে অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা।

অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত থাকিব ১লাখ টকা।