NORTHEAST NOW (Assamese)
অসম

ব্ৰিটিছে নিৰ্মাণ কৰা ভাৰতৰ একমাত্ৰ কপিকলযুক্ত দলংখন এতিয়া ধ্বংসৰ গৰাহত

Posted by:  পাৰ্শ্বজ্যোতি গগৈ Updated by:  পাৰ্শ্বজ্যোতি গগৈ June 11, 2021 3:23 pm
s1

ইতিহাস প্ৰসিদ্ধ এখন দলং।লণ্ডনৰ টেমছ নদীৰ ওপৰত থকা কপিকল যুক্ত দলং সদৃশ এই দলং।

কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে এই দলং।

১৯৩৫ চনত ব্ৰিটিছে নিৰ্মাণ কৰা এই দলংখন হল শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত অৱস্থিত কপিকলযুক্ত দিখৌ দলং। ভাৰতৰ ভিতৰত এইখনেই একমাত্ৰ কপিকল যুক্ত দলং হিচাবে জনা যায়।

এসময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই দলংখন এতিয়া সংৰক্ষণৰ অভাৱত জহিখহি গৈছে। যি কোনো মুহূৰ্ততে দিখৌ নদীৰ বাঢ়নী পানীত জাহ যাব পাৰে ভাৰতৰ একমাত্ৰ কপিকলযুক্ত এই দলংখন।

১৯৩৫ চনত ব্ৰিটিছ কোম্পানী Braithwaite-এ নিৰ্মাণ কৰিছিল এই খন দলং। সেই সময়ত ব‌্ৰিটিছে নিজৰ অভিযান্ত্ৰিক বৈশিষ্ট্যপূৰ্ণ তিনিখন দলং ভাৰতত নিৰ্মাণ কৰিছিল। ইয়াৰে এখন হ’ল কলিকতাৰ হুগলি ব্ৰিজ, আনখন বাংলাদেশৰ ওপঙা দলং আৰু তৃতীয়খন দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা এইখন কপিকলযুক্ত দলং।

sib

এই দলংখনৰ লগত সম্পৰ্ক আছে এগৰাকী অসমীয়াৰ। দলংখন নিৰ্মাণৰ মুখ্য দায়িত্বত আছিল অসম সন্তান অভিযন্তা হৰিপ্ৰসাদ বৰুৱা। তেওঁক সহযোগ কৰিছিল ব্ৰিটিছ অভিযন্তা জে এম কৰ্কচেজে।

দলংখনৰ কাৰিকৰী দিশটো চমকপ্ৰদ আছিল। তিনিটা ভাগত সজা হৈছিল এই দলংখন। দলংখনৰ মাজৰ ভাগটো ওপৰলৈ উঠাব পৰাকৈ সজা হৈছিল।

সেইসময়ত নাজিৰাত থকা অসম চাহ কোম্পানীৰ পৰা চাহ নিবলৈ অহা জাহাজসমূহ দলংখনৰ তলেদি কোনো অসুবিধা নোহোৱাকৈ অহা-যোৱা কৰিবৰ বাবে এইদৰে মাজৰ অংশটো ওপৰলৈ উঠাই দিব পৰাৰ ব্যৱস্থা কৰিছিল।

দলংখনৰ সন্দৰ্ভত বিশিষ্ট কবি, সাহিত্যিক তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে আমাৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।

বৰ্তমান দলংখন ধ্বংসৰ গৰাহত পৰিছে। দলংখনৰ চাৰিটা খুঁটাৰ প্ৰায় ৮০% জহিখহি গৈছে। যি কোনো সময়ত দিখৌ নদীৰ প্ৰবল বানত উটি যাব পাৰে এই ইতিহাস প্ৰসিদ্ধ দলংখন।

এতিয়া দাবী উঠিছে কপিকলযুক্ত এই দলংখন সংৰক্ষণৰ । সময় থাকোতেই সংৰক্ষণ কৰি ৰাখক এই দলং। পথচাৰীৰ বাবে নহ’লেও পৰ্যটকৰ বাবে সংৰক্ষণ হওক এই দলং। এই দাবী এতিয়া প্ৰতিজন শিৱসাগৰবাসীৰ।

দলংখন সংৰক্ষণৰ বাবে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই চৰকাৰক আহ্বান জনায়।

ইপিনে ঐতিহাসিক দিখৌ দলংখন সংৰক্ষণৰ বাবে আজি সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইপিনে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত পৌৰসভাই চিআইডিএফ ফাণ্ডত এই ঐতিহাসিক দলংখনৰ বাবে ৪২ লাখ টকাৰ এক আঁচনি তৈয়াৰ কৰিছিল যদিও বৰ্তমান সেই পৌৰসভাৰ কাৰ্যকাল শেষ হোৱাত আঁচনি আঁচনি হৈয়েই ৰ’ল। ক’ভিড পৰিস্থিতি ভাল হলে সেই আঁচনিৰ টকাৰে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত পুনৰ নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে বিজেপিৰ জিলা সম্পাদক হেমন্ত গগৈয়ে।

এটা কথা সত্য— কি কংগ্ৰেছ কি বিজেপি কোনো এটা দলেই এই দলংখনৰ সংৰক্ষণত গুৰুত্ব প্ৰদান নকৰিলে। যাৰ বাবে প্ৰতিদিনাই ধ্বংস হবলৈ ধৰিছে এই দলংৰ এপদ এপদ সামগ্ৰী।

ইতিমধ্যে ব্ৰিটিছ চৰকাৰে শিৱসাগৰ জিলা প্ৰশাসনক এই দলংখনৰ আয়ুস উকলি যোৱা বুলি পত্ৰ প্ৰেৰণ কৰিছে। প্ৰশ্ন হয় শিৱসাগৰক আইকনিক চিটি হিচাপে ঘোষণা কৰা বিজেপি চৰকাৰে কাৰ্যক্ষেত্ৰত এই ঐতিহাসিক দলংখন সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নে? নে কেৱল আঁচনি ঘোষণাতেই সীমাৱদ্ধ থাকিব?এই প্ৰশ্ন শিৱসাগৰবাসীৰ।