NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক বৈঠক! পৰমানু অস্ত্ৰক লৈ কি বাৰ্তা দিলে বিডেন-পুটিনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2021 11:05 am
210616_vod_biden_putin_summit_hpMain_16x9_992

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত বুধবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত এক ঐতিহাসিক বৈঠক অনুষ্ঠিত হয়।

কেইবাঘন্টাজোৰা বৈঠকৰ অন্তত ৰাষ্ট্ৰপতি দুগৰাকীয়ে এক যুটীয়া বিবৃতিৰ জৰিয়তে শীঘ্ৰেই পৰমানু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনা আৰম্ভ কৰাত সন্মতি প্ৰদানৰ কথা ঘোষণা কৰে।

যৌথ বিবৃতিত কোৱা হৈছে যে আমেৰিকা আৰু ৰাছিয়াই এতিয়ালৈকে এটা কথা প্ৰমান কৰিছে যে তেওঁলোকে চৰম উত্তেজনাৰ সময়তো সামৰিক সংঘাত তথা পৰমানু যুদ্ধ এৰি চলিবলৈ সক্ষম।

বিবৃতিটোত দুয়োখন দেশে পৰমানু অস্ত্ৰ নিয়ন্ত্ৰণক লৈ যে প্ৰতিশ্ৰুতিবদ্ধ সেইকথাৰ ইংগিত দাঙি ধৰা হৈছে।

ৰাষ্ট্ৰপতি দুগৰাকীৰ যৌথ বিবৃতিত কোৱা হয় ‘’পৰমানু যুদ্ধত কোনেও বিজয়ী হ’ব নোৱাৰে গতিকেই যিকোনো মূল্যৰ বিনিময়ত এনে যুদ্ধ এৰি চলা উচিত।‘’

পুটিনৰ সৈতে সাক্ষাতৰ পাছত এক সংবাদমেলত বিডেনে কয় যে ৰাছিয়া আৰু আমেৰিকাৰ মাজত সম্পৰ্ক তথা সহযোগিতাৰ উন্নয়নে কেবল দেশ দুখনৰ স্বাৰ্থ ৰক্ষা কৰিব এনে নহয়, তাৰ লগতে সমগ্ৰ বিশ্বৰ বাবে কল্যাণ আনিব।

বিডেনে ইৰানৰ পৰমানু চুক্তিক লৈয়ো ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কথা পতা বুলি জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে আমেৰিকা আৰু ৰাছিয়াৰ উমৈহতীয়া স্বাৰ্থত দুয়োখন দেশে নিশ্চিত কৰিব বিচাৰে যে ইৰানে পৰমানু অস্ত্ৰ নিৰ্মাণ কৰা নাই।