NORTHEAST NOW (Assamese)
অসম

টীয়কত বহি:ৰাজ্যত কৰ্মৰত যুৱকৰ আদৰণীয় পদক্ষেপ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 17, 2021 5:28 pm
dog

কভিড আতংক পৰিবেশৰ বাবে বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক বৰ্তমান নিজ নিজ গৃহত আৱদ্ধ হৈ ঘৰৰ পৰাই নিজৰ কৰ্ম সম্পাদন কৰি আছে।

তেনে তিনিজন যুৱক ক্ৰমে টীয়কৰ কাকজানৰ পল্লৱ কৃষ্ণ মহন্ত, গুৱাহাটীৰ ৰাজদ্বীপ লেখাৰু আৰু মাজুলীৰ বিক্ৰম কৈৰিয়ে এই অতিমাৰীৰ সময়ত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ জনুস্থান নামেৰে এক স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি বিশেষকৈ কভিডৰ আগশাৰীৰ যোদ্ধাসকলক সাধ্য অনুসৰি কিছু সহায়ৰ হাত আগবঢ়াই আহিছে।

তাৰে অংশ স্বৰূপে আজি টীয়কৰ কাকজান পি এইচ চিত চিকিৎসালয়খনৰ অধীনস্থ উপ স্বাস্থ্য কেন্দ্ৰসমূহৰ নাৰ্চ আৰু চিকিৎসাকৰ্মীসকলৰ মাজত মাস্ক,ছেনিটাইজাৰ আৰু অক্সিমিটাৰ বিতৰণ কৰে আৰু সকলো চিকিৎসাকৰ্মীক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে অনাগত দিনতো এইদৰে সহায়ৰ হাত আগবঢ়াই যাব বুলি মত প্ৰকাশ কৰে।