NORTHEAST NOW (Assamese)
অসম

অৱশেষত তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল অসমৰ দেৱাংগনা কলিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2021 8:03 pm
Devangana-Natasha-696x392-1-696x375

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা ‘পিঞ্জৰা টোড়’ আন্দোলনৰ নেত্ৰী অসমৰ দেৱাংগনা কলিতা।

আজি সন্ধিয়া ৭.১৫ বজাত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ‘পিঞ্জৰা টোড়’ আন্দোলনৰ নেত্ৰী দেৱাংগনা কলিতা আৰু নাটাছা নাৰৱালক তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

যোৱা মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাৰ জামিন মঞ্জুৰ কৰিছিল।

‘পিঞ্জৰা টোড়’ আন্দোলনৰ নেত্ৰী অসমৰ এইগৰাকী মেধাৱী ছাত্ৰীক ২০২০ বৰ্ষৰ ২৩ মে’ত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

দেৱাংগনাৰ লগতে জামিন লাভ কৰিছিল নাটাছা নাৰৱাল আৰু আচিফ ইকবাল তনহাই।

কা’ বিৰোধী আন্দোলনত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত অভিযুক্ত কৰা হৈছিল অসমৰ ছাত্ৰীগৰাকীক।

বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত দেৱাংগনাক গ্ৰেপ্তাৰ কৰা হৈছিল।

দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এটাৰ পাছত আনটো গোচৰ জাপি দি বন্দী কৰি ৰাখিছিল।

দিল্লীৰ জাফৰাবাদ আৰু দৰিয়াগঞ্জ থানাৰ তিনিটা গোচৰত তেওঁ ইতিমধ্যেই জামিন লাভ কৰিছিল।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ ৫৯/২০২০ নম্বৰ গোচৰত অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁ জামিন প্ৰদান কৰিছিল।

যোৱা ২৭ এপ্ৰিলতে আদালতে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষিত কৰি ৰাখিছিল।