NORTHEAST NOW (Assamese)
অসম

ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ কাছ সমুহৰ খাদ্য সংকটৰ বাবে সহায়ৰ হাত

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 18, 2021 2:25 pm
Turtle of Nagshankar

অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ হৈছে নাগশংকৰ মন্দিৰ। জিলাখনৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত অন্যতম হৈছে এই নাগশংকৰ মন্দিৰ।

মন্দিৰটোৰ চৌহদত অৱস্থিত এটি প্ৰকাণ্ড জলাশয় যত আছে ৩০০তকৈ অধিক বিৰল প্ৰজাতিৰ কাছ। শিৱৰ সহচৰ বুলি গণ্য কৰা এই কাছকেইটাক প্ৰতিদিনে মন্দিৰলৈ অহা দৰ্শনাৰ্থীয়ে বিভিন্ন খাদ্য প্ৰদান কৰে যদিও কৰনা সংকট কালত স্তব্ধ হৈ পৰিল খাদ্যৰ যোগান।

ইয়াৰ ফলত গভীৰ খাদ্য সংকটৰ দিশে আগবাঢ়িছে বছৰ বছৰ ধৰি বসবাস কৰি  কাছ সমুহ। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ লগে লগে ওলাই আহিছে বহু সংখ্যক প্ৰকৃতিপ্ৰেমী সংগঠক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সমাজকৰ্মী সকল।

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে পৰিপূৰ্ণ এই দেৱালয় আৰু কাছ সমুহে বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীৰ লগতে পৰ্যটন অনুৰাগীক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে যাৰ বাবে খাদ্য সংকটৰ খবৰ বিয়পি পৰা লগে লগে ইতিমধ্যে বহুলোকে কাছ সমুহক খাদ্য যোগান দিবৰ বাবে এতিয়া আগবাঢ়ি আহিছে।