NORTHEAST NOW (Assamese)
অসম

দেশৰ এখন নৈৰ পানীত প্ৰথমবাৰৰ বাবে পোৱা গ’ল ক’ৰ’না ভাইৰাছৰ উপস্থিতি, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2021 8:45 pm
vv

পানীৰ জৰিয়তেও যে ক’ৰ’না ভাইৰাছ বিয়পি পৰিব পাৰে তাকেলৈ বুতৰে মন্ত সন্দেহৰ সৃষ্টি হৈ আছিল।

শেহতীয়াকৈ ভাৰতৰ এখন নৈৰ পানীত মাৰাত্মক ক’ৰ’না ভাইৰাথৰ উপস্থিতি পোৱা গৈছে।

ফলত পানীৰ জৰিয়তেও যে ক’ৰ’না ভাইৰাছ সংক্ৰমিত হ’ব পাৰে সেই আশংকা অধিক ঘনীভূত হৈ পৰিছে।গুজৰাটৰ সবৰমতী নৈৰ পানীত পোৱা গৈছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ স্কুল অব এনভাইৰনমেণ্টেল ছায়েন্স আৰু আহমেদাবাদৰ আইআইটিৰ গৱেষকে চলোৱা গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে যে সবৰমতী নৈৰ লগতে ইয়াৰ কাষৰীয়া কাকৰিয়া আৰু চান্দলাৰ জলাশয়তো ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

আইআইটিৰ অধ্যাপক মনিষ কুমাৰে প্ৰকাশ কৰা মতে সবৰমতী নৈৰ পৰা ৬৯৪ বাৰ পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।সেই নমুনাতেই ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে বুলি তেওঁ কয়।

গৱেষকগৰাকীৰ মতে পানীত ক’ৰ’না ভাইৰাছ দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থাকিব পাৰে।

সেইবাবেই ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা সবৰমতী নৈৰ পানী এতিয়া হৈ পৰিছে বিপজ্জনক।