NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ কুমাৰীকাটাত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক বহু কেইজন যুৱক

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক June 25, 2021 4:29 pm
two

সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

ইয়াৰ সমান্তৰাল ভাৱে বাক্সা জিলা আৰক্ষীয়েও জিলাখনত ক্ষীপ্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

বৃহস্পতিবাৰে আবেলি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে বাক্সা জিলাৰ কুমাৰীকাটাত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষীৰ সহযোগত চেঁচাপানীত অভিযান চলায়।

আৰক্ষীৰ অভিযান কালত কুমাৰীকাটাৰ চেঁচাপানীত প্ৰায় ২৬ বছৰীয়া থুলুংগা বসুমতাৰী আৰু তেওঁৰ সহযোগী কুমাৰীকাটাৰ যুৱক মানস দাসক আটক কৰে।

এক সুত্ৰৰ পৰা জানিব পৰা মতে থুলুংগা বসুমতাৰীৰ পৰা ৬.৮ গ্ৰাম ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে।

তদন্তৰ খাতিৰত আৰক্ষীয়ে যুৱক দুজনৰ অপৰাধ সন্দৰ্ভত মুখ খোলা নাই।

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন আটকাধীন অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত শলবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে কুমাৰীকাটাত অভিযান চলাই দুই যুৱকক আটক কৰে আৰু আটকাধীন দুই যুৱকক শালবাৰীলৈ লৈ যায়। ইতিমধ্যে আগক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ একাধিক লোকক আটক কৰিছে।