NORTHEAST NOW (Assamese)
অসম

কৰ’না পৰিস্থিতিত আয়কৰ ৰেহাইক লৈ ডাঙৰ সিদ্ধান্ত বিত্তমন্ত্ৰীৰ; কোন, কেনেদৰে হ’ব উপকৃত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2021 8:53 am
2021_2$largeimg_295949608

কৰ’না পৰিস্থিতিৰ মাজতে এক ডাঙৰ সকাহৰ খৱৰ। আয়কৰৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰ্যালয়ে বৃহৎ ৰেহাইৰ ঘোষণা কৰিছে।

শুকুৰবাৰে এই সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্ত মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত বহে।

কৰ’নাৰ সংকটৰ মাজত জনসাধাৰণক কেনেদৰে সকাহ দিব পাৰি তাক লৈয়ে অনুষ্ঠিত হৈছিল এই বৈঠক। এই বৈঠকতে এলানি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা বহুখিনি সকাহ পোৱা যাব বুলি ধাৰাণা কৰা হৈছে।

সিদ্ধান্ত অনুসৰি, ১০ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই পোৱা যাব পাৰে। কৰ’না পৰিস্থিতিত পৰিয়ালৰ কোনোবাৰ যদি মৃত্যু হয় তেনেক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে। সেই অৱস্থাত যদি কাৰোবাৰ পৰা টকা ধাৰ লোৱা হৈছে সেই ক্ষেত্ৰতো কিছু ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।

এনে অৱস্থাত ১০ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়াৰ কথা কোৱা হৈছে। যি পৰিমানৰ টকা সাহায্য দিয়া হ’ব ইক সিমান পৰিমানৰ আয়কৰ ৰেহাই দিয়াৰ কথা কোৱা হৈছে।

২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰাই এই নতুন নিয়ম কাৰ্যকৰী হ’ব বুলিও জানিবলৈ দিছে।

তদুপৰি, আন কিছু ক্ষেত্ৰতো ৰেহাইৰ কথা ঘোষণা কৰা হৈছে। যেনে, আয়কৰদাতাসকলে ৩১ অক্টোবৰৰ ভিতৰত সুতসহ আয়কৰ জমা দিব পাৰিব।

ইয়াৰোপৰি থকা ঘৰৰ বাবে কোনো বিনিয়োগ কৰিলে যি কৰ ৰেহাই পোৱা যায় সেই সুবিধা লোৱাৰ ক্ষেত্ৰত সময়সীমা আৰু ছমাহ বৃদ্ধি কৰা হৈছে। এই সময়সীমা আগতে তিনিমাহ আছিল।

বহু ক্ষেত্ৰত আয়কৰ জমা দিয়াৰ ক্ষেত্ৰত সমস্যা থাকে। তেনেক্ষেত্ৰত সেয়া দূৰ কৰিবলৈ সময় আৰু দুমাহ বৃদ্ধি কৰি ৩১ আগষ্ট পৰ্যন্ত কৰা হৈছে।

সংস্থাসমূহে যি আয় কৰ্তন কৰে (TDS) তাৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। এই সময়সীমা ১৫ জুলাই পৰা বৃদ্ধি কৰি ৩১ জুলাই কৰা হৈছে।

সেইদৰে পান আৰু আধাৰকাৰ্ডৰ লিংক কৰাৰ সময়সীমাও আৰু তিনিমাহ বৃদ্ধি কৰা হৈছে।