NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ ভকুৱামাৰীত ভয়ংকৰ অগ্নিকাণ্ড,বিস্তৰ ক্ষতিসাধন

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 27, 2021 4:51 pm
dog

কলিয়াবৰৰ ভকুৱামাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

ৰইচুদ্দিন নামৰ লোক এজনৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়।

চিলিণ্ডাৰ বিষ্ফোৰণ হোৱাৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে।

চিলিণ্ডাৰ বিষ্ফোৰণৰ পিছতে অগ্নিকাণ্ডই লয় ভয়ংকৰ ৰূপ ।

ৰইছুদ্দিন নামৰ লোকজনৰ ঘৰটো সম্পূৰ্ণ ভাৱে জুইত ভষ্মীভূত হয় ।

ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ আমবাগান অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত অগ্নিনিৰ্বাপন কৰে ।

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কোনোমতে প্ৰাণ লৈ দৌৰি পলাবলৈ সক্ষম হয় পৰিয়ালৰ লোক।অগ্নিকাণ্ডৰ ফলত সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।