NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসমূহক ৩১জুলাইৰ ভিতৰত ‘এক দেশ এক ৰেচন কাৰ্ড’ আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2021 7:52 pm
Supreme-Court-750x375

যিবোৰ ৰাজ্যই এতিয়াও ‘এক দেশ, এক ৰেচন কাৰ্ড’ আৰম্ভ কৰা নাই সেইসমূহ ৰাজ্যক ৩১ জুলাইৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোকভূষণ আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ খণ্ড বিচাৰপীঠে এই ৰায় দিছে।

কৰ’না সংক্ৰমণৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ যোৱা শ্ৰমিকসকল চৰম আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে।

এই শ্ৰমিকসকলে নিজ ৰাজ্য এৰি দেশৰ যিকোনো প্ৰান্ততেই নাথাকক, তেওঁলোকৰ যাতে খাদ্যৰ অবাৱ নহয় তাৰবাবে ৩১ জুলাইৰ ভিতৰত দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক ‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ ভিত্তিত বিনামূলীয়া ৰেচন বিতৰণৰ নিৰ্দেশ দিছে সৰ্বোচ্চ আদালতখনে।

অঞ্জলি ভৰদ্বাজ, হৰ্ষ মান্দাৰ আৰু জগদীপ ছোকৰ-এই তিনিগৰাকী সমাজকৰ্মীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশাৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

উল্লেখ্য যে নাগৰিকসকলৰ বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিকসকলৰ কথা আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰৰ এখনিসংস্কাৰমূলক আঁচনি হৈছে ‘এক দেশ, এক ৰেচন কাৰ্ড’।

ইয়াৰ জৰিয়তে উপভোক্তাসকলক নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত ৰেচন দিয়াৰ ব্যৱস্থা কৰা হয়।

তদুপৰি, প্ৰব্ৰজিত শ্ৰমিকসকলে যাতে দেশৰ যিকোনো ৰেচন দোকানৰ পৰা নিজৰ ৰেচন কাৰ্ডখন  দেখুৱাই ৰেচন সংগ্ৰহ কৰিব পাৰে তাৰ ব্যৱস্থাও এই আইনৰ জৰিয়তে কৰা হৈছে।