NORTHEAST NOW (Assamese)
অসম

বগা হাতীত পৰিণত হাতীমূৰাৰ এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্প

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 3, 2021 2:30 pm
Irrigation project kaliabor.png final

পৰ্য‍্যাপ্ত বৰষুণৰ অভাৱত কলিয়াবৰৰ খেতিয়ক ৰাইজ বিপাঙত পৰিছে। পানীৰ অভাৱত ভৰ বাৰিষাও ভূঁই ৰুব পৰা নাই কলিয়াবৰৰ কৃষকে।

এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্পটো এতিয়া বগা হাতীত পৰিণত। কলিয়াবৰৰ বৃহত্তৰ অঞ্চলক সাঙুৰি ১৯৭৩ চনতে নিৰ্মিত হাতীমূৰাৰ কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ নামৰ অভিলাষী জলসিঞ্চন প্ৰকল্পই আৰম্ভণিৰে পৰা আশা কৰা ধৰণে স্থানীয় কৃষক ৰাইজক লাভান্বিত কৰা দেখা নগ’ল।

২০১৭ চনৰ আগষ্ট মাহত কলঙৰ সংহাৰী বানৰ পৰা ৰক্ষা পাবলৈ জলসিঞ্চনৰ নলা কেইবা ঠাইতো কাটি দিয়া চাৰি বছৰ পাৰ হোৱাৰ পাছতো বিভাগটোৱে মেৰামতি সম্পূৰ্ণ কৰিব নোৱাৰিলে‌।

তাৰ বিপৰীতে মাধতাৰী কিচামতৰ বাসুদেৱবাৰী গাঁৱৰ কৃষি ভূমিৰ মাজত থকা নলাৰ কাটি দিয়া বহল অংশটোৰ মুখতে নলাটো বন্ধ কৰি সিংহভাগ কৃষকক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে।

ইপিনে, কৃষকে কেৱল বৰষুণৰ অপেক্ষাতে ৰ’বলগীয়া হৈছে। কিন্তু এতিয়ালৈকে পৰ্য‍্যাপ্ত বৰষুণ নোহোৱাৰ লগতে ৰাজ‍্যৰ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগটোৰ চৰম অৱহেলাৰ বাবেই পানীৰ অভাৱত কৃষকে এইবাৰো ভঁৰাল উদঙে ৰোৱাৰ শঙ্কাত ভূগিছে।

কৃষক ৰাইজে স্থানীয় প্ৰশাসন আৰু বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপ দাবী কৰিছে।