NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজিৰ দিনটোত কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2021 8:38 pm
blue-covid

আজিৰ দিনটোত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ  ২ শতাংশৰ তলত নামিছে।এয়া নিশ্চয়কৈ শুভ লক্ষণ।

পজিটিভিটিৰ হাৰ পূৰ্বৰ দিনৰ তুলনাত আজি হ্ৰাস পোৱাত সংক্ৰমণৰ দিশত পুনৰ সকাহ দেখা পোৱা গৈছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। কালি মৃত্যু ঘটিছিল ২৭ গৰাকী লোকৰ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৩৭৫ গৰাকী লোক। এই সময়ছোৱাত ১,৩৪,০৮৫ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৬৮ গৰাকী লোক । কালি এই সংখ্যা আছিল ১৮৬ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ১.৭৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৪.২৪ শতাংশ।

ৰাজ্যখনত ক’ভিড সুস্থতাৰ হাৰ বৃদ্ধি পোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়া বহুখিনি উদ্বেগমুক্ত বুলি ক’ব পাৰি।