NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2021 6:50 pm
faa

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে কংগ্ৰেছ ত্যাগ কৰি আজি আনুষ্ঠানিক ভাবে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ৰ উপস্থিতিত অভিজিৎ মুখাৰ্জীয়ে তৃণমূলত যোগদান কৰে।

তৃণমূলত যোগদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰই কয় যে মমতা বেনাৰ্জীয়ে পশ্চিমবংগক সু-শাসন দিবলৈ সক্ষম হৈছে।

তেওঁৰ বাবেই ধৰ্মীয় মেৰুকৰণেৰে ক্ষমতা দখল কৰিব বিচৰা বিজেপি দল পশ্চিমবংগত পৰাভূত হোৱা বুলিও মুখাৰ্জীয়ে মন্তব্য কৰে। মমতা বেনাৰ্জীক তেওঁ দেশৰ অন্যতম ধৰ্ম নিৰপেক্ষ নেত্ৰী বুলিও অভিহিত কৰে।

উল্লেখ্য অভিজিৎ মুখাৰ্জীয়ে পশ্চিমবংগৰ জংগীপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে অভিজিতৰ ভগ্নী শৰ্মিষ্ঠা মুখাৰ্জী এতিয়াও কংগ্ৰেছ দলতে আছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও কংগ্ৰেছৰ সমৰ্থনতে দেশৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ’ব পাৰিছিল।

বিগত কিছুদিন ধৰি অভিজিৎ মুখাৰ্জীয়ে তেওঁৰ টুইটাৰত মমতা বেনাৰ্জীৰ প্ৰশংসাত গদগদ হৈ পৰা পৰিলক্ষিত হৈছিল।