NORTHEAST NOW (Assamese)
অসম

গ্ৰীষ্ম প্ৰবাহৰ পাৰ্শ্বক্ৰিয়া: কানাডাত বনজুয়ে কাঢ়িলে ৫০০ জনৰো অধিক লোকৰ প্ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2021 8:03 pm
can

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পৰিণতিত কানাডাত বিগত কিছুদিন ধৰি জ্বলি থকা বিধ্বংসী বনজুইয়ে আৰু অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

এতিয়াও নিৰ্বাপিত হোৱা নাই এই বিধ্বংসী বনজুই।

বিগত এসপ্তাহ ধৰি জ্বলি থকা কানাডাৰ এই বনজুইত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০০ জনলৈ বৃদ্ধি হৈছে।

এই বনজুইত পশ্চিম কানাডাৰ সমতল আৰু পাহাৰসহ ২.৫ মিলিয়ন একৰ সেউজ বনভূমি জাহ গৈছে। ৩ হাজাৰৰো অধিক ঘৰ ভস্মীভূত হৈছে এই বনজুইত।

প্ৰতি দিনে প্ৰায় ২৫ বৰ্গ মাইলকৈ সেউজ বনভূমি জ্বলি ছাই হৈছে এই বনজুইত।

ইতিমধ্যে লক্ষাধিক অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বহু বন্য জীৱ-জন্তু এই বনজুইত জাহ গৈছে। বন্য প্ৰাণীৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে।

বনজুই নিৰ্বাপন কৰিবলৈ কেইবা হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক, হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট নিয়োজিত কৰা হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অহা নাই। বৰং নতুন নতুন ঠাইলৈ বিয়পি গৈছে বনজুই।

কানাডাত হঠাতে তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলতে বনজুইৰ সূত্ৰপাত ঘটা বুলি ধাৰণা কৰা হৈছে।

ভাংকুভাৰ আৰু লিটন চহৰ এতিয়া জনশূন্য হৈ পৰিছে।

কানাডাৰ চৰকাৰে বনজুই আক্ৰান্ত অঞ্চলত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী বন্ধ কৰি দিয়াৰ লগতে বিদ্যালয় আদিও বন্ধ ঘোষণা কৰিছে।