NORTHEAST NOW (Assamese)
অসম

বলীউডৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ মৃত্যু, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন জনৰ শোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2021 12:02 pm
firing-082418-1-750x375

কেইবাটাও দশক ধৰি একেৰাহে বলীউডৰ জগতত খদমদম লগাই থকা কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ছবি প্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

বলীউডৰ বৰ্ষীয়ান অভিনেতাগৰাকীয়ে আজি পুৱা ৭.৩০ বজাত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।

কিছুদিন ধৰি তেওঁ শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৮ বছৰ।

দিলীপ কুমাৰক উশাহ-নিশাহৰ অসুবিধাৰ বাবে ২৯ জুনত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

১৯২২ চনৰ ১১ ডিচেম্বৰত দিলীপ কুমাৰৰ জন্ম হৈছিল ।সৰুৰে পৰাই এটা সাংস্কৃতিক পৰিবেশ লাভ কৰা দিলীপ কুমাৰে পৰৱৰ্তী সময়ত অভিনয়কে জীৱনৰ সৰ্বস্ব হিচাবে গ্ৰহণ কৰিছিল।দিলীপ কুমাৰৰ অভিনয় জীৱনৰ অন্যতম উল্লেখযোগ ছবি আছিল ক্ৰান্তি।


ট্ৰেজেদী কিং’ হিচাপে দৰ্শকৰ মাজত পৰিচিত অভিনেতাজনৰ প্ৰথম ছবি আছিল ১৯৪৪ চনত মুক্তি পোৱা ‘জোৱাৰ ভাটা’। ১৯৪৭ চনত মুক্তি প্ৰাপ্ত “জুগনু” ছবিখনেই হৈছে দিলীপ কুমাৰৰ প্ৰথম খন চুপাৰ হিট ছবি।

প্ৰায় ছটা দশকত ৬০খনৰো বেছি ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰে। ছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দিলীপ কুমাৰক পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪), পদ্মবিভূষণ (২০১৫) আদি সন্মানেৰে সন্মানিত কৰা হৈছিল।

দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি হৈছে ‘কিলা’।১৯৯৮ চনত তেওঁ এই ছবি খনত অভিনয় কৰিছিল।


দিলীপ কুমাৰে ১৯৬৬ চনত এসময়ৰ মোহময়ী অভিনেত্ৰী ছায়েৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দিলীপ কুমাৰে অভিনয় কৰা কেইখনমান ছবি হৈছে ইনছানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি।

কিংবদন্তী অভিনেতা গৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ লগতে বহুজনে গভীৰ শোক ব্যক্ত কৰিছে।