NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাবে শপতগ্ৰহণ প্ৰতিমা ভৌমিকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2021 9:01 pm
Pratima-Bhoumik-750x37

ত্ৰিপুৰাৰ প্ৰথম গৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাবে আজি পশ্চিম ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকে শপতগ্ৰহণ কৰে।

উল্লেখ্য ইয়াৰ পূৰ্বে অসমৰ সন্তোষমোহন দেৱ আৰু পশ্চিমবংগৰ ত্ৰিগুণা সেনে ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

ত্ৰিপুৰাৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাবে প্ৰতিমা ভৌমিকে ৰাজ্য খনৰ ৰাজনৈতিক ইতিহাসত এক নতুন নজিৰৰ সৃষ্টি কৰিলে।

৫২ বছৰীয়া সাংসদগৰাকীয়ে ২০১৯ চনত পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

চিপাহীজিলা জিলাৰ ধনপুৰৰ বাসিন্দা প্ৰতিমা ভৌমিকে ত্ৰিপুৰাৰ ৱমেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

প্ৰতিমা ভৌমিকে ৰে’ল দপ্তৰৰ লগতে হিন্দী পৰামৰ্শদাতা সমিতিৰো সদস্যা হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে।