NORTHEAST NOW (Assamese)
অসম

চামগুৰিত দুই দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা July 8, 2021 3:25 pm
Robbers arrested in Samaguri

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে চামগুৰি বাজিয়াগাৱঁত অভিযান চলাই দুই দুৰ্ধৰ্ষ চোৰক আটক কৰাৰ লগতে চুৰি কম্পিউটাৰ ছেটসহ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, চামগুৰি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা বাজিয়াগাৱঁত অভিযান চালাই মুছলিম উদ্দিনৰ পুত্ৰ আমজাদ আলি (২৩) আৰু আব্দুল ৰহমানৰ পুত্ৰ হজৰত আলী (২২) নামৰ দুই দুৰ্ধষ চোৰক কৰায়ত্ত কৰে।

আৰক্ষীয়ে লগতে চুৰি কৰি অনা কম্পিউটাৰ, মণিটৰ, প্ৰিন্টাৰ, কীব’ৰ্ড, ষ্টেব্লেজাৰ আদিকে ধৰি বিভিন্ন সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

উল্লেখ্য যে যোৱা ২ জুলাই তাৰিখে নিশা চামগুৰি পূৰ্ণিমা শইকীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ খনৰ তলা ভাঙি কম্পিউটাৰ ছেটসহ বিভিন্ন সামগ্ৰী চোৰে চুৰি কৰি নিছিল বুলি জানিব পৰা গৈছিল।

আনহাতে, আৰক্ষীয়ে কৰায়ত্ত কৰা দুই গভাইত চোৰক আজি নগাঁও আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷