NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত নতুনকৈ ৪১ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 14, 2021 9:03 pm
Covid19-and-Media-750x375

বঙাইগাঁও জিলাত বুধবাৰে নতুনকৈ ৪১ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷
আনহাতে সুস্থ হৈ উঠিছে ৫৫ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ ৪১ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২৩৩ জন হৈছে ৷

ইয়াৰ ভিতৰত ১৫৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৭৪ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

জিলাখনত  বুধবাৰে মুঠ ৪,৪৮৭ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৪ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৩১২ জন হৈছে ৷