NORTHEAST NOW (Assamese)
অসম

গো-বিধেয়কৰ সলনি গো-পালকৰ সমস্যাৰ ওপৰত মনোনিবেশ কৰাৰ আহ্বান গো-পালক সন্থাৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 15, 2021 4:10 pm
IMG_20210715_152043

অৱশেষত  গোলাঘাটত সোচ্চাৰ হ’ল গো-সুৰক্ষা বিধেয়ক ২০২১  বিৰুদ্ধে। গো সম্পৰ্কীয় নতুন বিধেয়কৰ বিৰুদ্ধে আজি  গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰে গোলাঘাট জিলা গো-পালক সন্থাই।

চৰকাৰে উত্থাপন কৰা গো-সম্পৰ্কীয় নতুন বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে গো-পালক সন্থাই।

এই সংবাদ মেলত নতুন গো-সুৰক্ষা বিধেয়কে কৃষক সকলক যি ক্ষতি কৰিব সেই সন্দৰ্ভত গো-পালক সন্থাই বিস্তৃত সমালোচনা আগবঢ়ায়। গো- সুৰক্ষা বিধেয়কৰ নীতি অনুসৰি গো-বিক্ৰী কৰিব নোৱাৰিলে কৃষক সকল মহা  বিপদত পৰাও আশংকা ব্যক্ত কৰে।

এই বিধেয়কখন আইনত পৰিণত হ’লে কৃষক সকলৰ যথেষ্ঠ ক্ষতি হব আৰু ইয়াৰ ফলত অসমত নিৱনুৱাৰ সংখ্যাও অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰে গো-পালক সন্থাই।

তেওঁলোকে লগতে অসমত এই বিধেয়কৰ ফলত বহিৰাগত কিছুমান দুগ্ধজাত কোম্পানীহে অধিক লাভৱান হ’ব বুলি উল্লেখ কৰে।

অসমৰ কৃষকৰ দুৰৱস্থাৰ অন্ত নপৰা সময়ত এই বিধেয়ক খনে গো-পালকক অধিক ক্ষতি কৰিব বুলি যুক্তি প্ৰদৰ্শন কৰি চৰকাৰক এই গো-বিধেয়কৰ সলনি গো-পালকৰ  সমস্যাৰ ওপৰত  আৰু গো -ধনৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই গো-পালক সন্থাই।