NORTHEAST NOW (Assamese)
অসম

বিটিআৰৰ শ্ৰেষ্ঠ সাংবাদিকলৈ চিনু বসুমতাৰী সাংবাদিকতা বঁটা প্ৰদান কৰিব বিটিআৰ চৰকাৰে

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 16, 2021 7:24 pm
money-2

বিটিআৰৰ শ্ৰেষ্ঠ সাংবাদিকলৈ চিনু বসুমতাৰী সাংবাদিকতা বঁটা প্ৰদান কৰিব বিটিআৰ চৰকাৰে|

শীঘ্ৰে গঠন কৰা হব বিটিআৰ সাংবাদিক ব’ৰ্ড |

আজি কোকৰাঝাৰ চহৰৰ কদমতলাস্থিত তথ্য আৰু গণসংযোগ বিভাগৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহ আৰু অতিথিশালা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই ঘোষণা কৰে বিটিচিৰ তথ্য আৰু গণসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নিলুত স্বৰ্গীয়াৰীয়ে |

স্বৰ্গীয়াৰীয়ে বিভাগৰ প্ৰেক্ষাগৃহ আৰু অতিথিশালা উদ্বোধন কৰাৰ লগতে বডোলেণ্ড থাইথুন নামৰ বাই লেগুৱেল বাতৰি কাকত এখনো উন্মোচন কৰে |

সাংবাদিকৰ আগত বিটিআৰৰ তথ্য আৰু গণসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নিলুত স্বৰ্গীয়াৰীয়ে কয় যে বিটিআৰ চৰকাৰে সাংবাদিকসকলৰ জীৱন আৰু জীৱিকাকলৈ আঁচনি গ্ৰহণ কৰিব |

ইয়াৰ বাবে বিটিআৰ সাংবাদিক ব’ৰ্ড গঠনৰ  সম্পূৰ্ণ প্ৰস্তুতি চলিছে | তেওঁ লগতে কয় যে প্ৰতি বছৰে বিটিআৰৰ শ্ৰেষ্ঠ সাংবাদিকলৈ চিনু বসুমতাৰী সাংবাদিকতা বঁটা বডোলেণ্ড দিৱসৰ দিনা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিআৰ চৰকাৰে |