NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত ৰেকিবুল,হাফিজুৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 19, 2021 7:09 pm
gol

কলিয়াবৰৰ উলুৱনী আৰক্ষী আৰু চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নলতলীৰ পৰা দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা ডকাইত দুটা চাৰিদুৱাৰৰ ৰেকিবুল ইছলাম আৰু হাফিজুৰ ৰহমান।

আৰক্ষী দেখি পলাবলৈ চেষ্টা কৰোতেই পথত পৰি ভৰিত কিছু আঘাতপ্ৰাপ্ত হয় ৰেকিবুল ইছলাম।

উলুৱনী থানাৰ এক গোচৰৰ ভিত্তিত নম্বৰবিহীন বাইকসহ ৰৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ডকাইতক।

আৰক্ষীয়ে জব্দ কৰে নম্বৰবিহীন বাইকখন।

বিভিন্ন ডকাইতিৰ ঘটনাৰ সৈতে জড়িত আছিল ধৃত দুই ডকাইত।