NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি দিন দুপৰতে দুষ্ট চক্ৰৰ চোৰাংকাঠৰ ৰমৰমীয়া বেহা

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 20, 2021 5:42 pm
illegal timber seized

কলিয়াবৰৰ মিছা ভূঞাপট্টিত দিন দুপৰতে চোৰাং কাঠ ভৰ্ত্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে স্থানীয় ৰাইজে।

আজি পুৱা প্ৰায় ১১ মান বজাত এছ ০২ এচি ১১৮৯ নম্বৰৰ এখন এখন টাটা মোবাইল গাড়ীত চোৰাংভাবে শিহাৰো কাঠ সৰবৰাহ কৰি থকা অৱস্থাত যান্ত্ৰিক বিজুতি ঘটি গাড়ীখন মিছাৰ ভূঞা পট্টিত ৰৈ যোৱাত স্থানীয় ৰাইজে গাড়ীখন প্ৰত্যক্ষ কৰাত চোৰাং কাঠৰ কুণ্ডা থকা পৰিলক্ষিত কৰে।

লগে লগে স্থানীয় ৰাইজে মিছা আৰক্ষীক খৱৰ দিয়াত মিছা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগক খৱৰ দিয়ে।

বন বিভাগে উক্ত খৱৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ চোৰাং কাঠ সহ গাড়ী খন জব্দ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ লগতে বন বিভাগক প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ থকাৰ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো মিছা আৰক্ষী চকীৰ কাষেৰে দিন দুপৰতে দুষ্ট চক্ৰই কিদৰে মূল্যবান চোৰাং কাঠ সৰবৰাহ কৰিবলৈ সুবিধা গ্ৰহণ কৰিলে তাকলৈ গভীৰ প্ৰশ্ন উত্থাপিত হৈছে।

উল্লেখ্য যে মিছা আৰক্ষী চকীৰ পৰা প্ৰায় পাঁচশ মিটাৰ দূৰত্বত আৰক্ষীৰ নাকৰ তলতে যান্ত্ৰিক বিজুতিৰ বাবে গাড়ীখন ৰৈ যোৱাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ঘটনাটোআৰক্ষীক অৱগতে কৰে।