NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

আগৰতলাত দুৰ্য্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালা উদ্বোধন ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ March 30, 2018 5:17 pm

আগৰতলাৰ প্ৰাগনা ভৱনত দুৰ্য্যোগ ব্যৱস্থাপনাৰ এক কৰ্মশালা উদ্বোধন কৰে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে।

অনুষ্ঠানটোত ভাষণ দি মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘উত্তৰ-পূব ভাৰত এছিয়াৰ ভিতৰতে আটাইতকৈ দুৰ্য্যোগপ্ৰৱণ অঞ্চল। সেয়ে দুৰ্য্যোগ ব্যৱস্থাপনা আৰু প্ৰস্তুতি আমাৰ ৰাজ্যখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাজ্যখনত দুৰ্য্যোগ ব্যৱস্থাপনা বিষয়টোত আমাৰ চৰকাৰ অতি শক্তিশালীভাৱে জড়িত হ’ব।’

ইণ্ডিয়ান বিল্ডিং কংগ্ৰেছৰ ত্ৰিপুৰা, পশ্চিম বংগ আৰু তামিলনাডুৰ কেন্দ্ৰ, কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ আৰু এন আই টি, আগৰতলাই এই কাৰ্য্যসূচীটো যুটীয়াভাৱে আয়োজন কৰিছে।

ইণ্ডিয়ান বিল্ডিং কংগ্ৰেছৰ অধ্যক্ষ চি দেবনাথ, কেন্দ্ৰীয় গড়কাপ্তানি বিভাগৰ সঞ্চালক অভয় কুমাৰ সিনহা আৰু উপাধ্যক্ষ এচ কে’ নন্দী অনুষ্ঠানটোত উপস্থিত আছিল।