NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ ৰাজপথত আজি নিশা পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্যৰ চেষ্টা, যুৱতীয়ে ল’লে ৰণচণ্ডী ৰূপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2021 9:56 pm
del

মহিলা আৰু যুৱতীৰ বাবে দেশৰ ভিতৰতে আটাইতকৈ অসুৰক্ষিত বুলি বিবেচিত হোৱা নতুন দিল্লীৰ ৰাজপথত আজি নিশা পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্য চলোৱাৰ অপচেষ্টা চলায় কেইজন মান লোকে।

দিল্লীৰ হজ খাছ অঞ্চলত আজি নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা।

উত্তৰ-পূৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱতীয়ে নিশা পথেৰে গৈ থকা অৱস্থাতে কেইজনমান লোকে তেওঁলোকক আগভেটি ধৰে আৰু অশ্লীল প্ৰস্তাৱ দিয়ে।

ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী কেইগৰাকীয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰে আৰু লোক কেইজনক তৰ্জন-গৰ্জন কৰি উভতি ধৰে।

যুৱতী কেইগৰাকীৰ এনে ৰূপ দেখি লোক কেইজনে পলাই সাৰিবলৈ চেষ্টা চলায়। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে দিল্লীৰ আৰক্ষী আয়ুক্তই নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে।

বাতৰি লিখা পৰলৈকে কাৰো বিৰুদ্ধে যুৱতী কেইগৰাকীয়ে এজাহাৰ দাখিল কৰা নাই।

উল্লেখ্য দিল্লীত প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক অশালীন ব্যৱহাৰ কৰি অহা হৈছে।

আজিৰ ঘটনাটোৱে অৱশ্যে নিৰ্যাতন চলাব বিচৰা লোক কেইজনক ভাল শিক্ষা এটা দিলে বুলি বহুতে আলোচনা কৰিছে।