NORTHEAST NOW (Assamese)
অসম

আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে NLFB ৰ দুৰ্ধৰ্ষ নেতা বাথাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2021 7:21 am
Batha-750x375

বড়োভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন নেছনেল লিবাৰেছন ফ্ৰণ্ট অব বডোলেণ্ড চমুকৈ NLFB ৰ নেতা এম বাথাকলৈ ৰাজ্য চৰকাৰৰ মূৰ কামোৰণিৰ সৃষ্টি হৈ থকাৰ সময়তে এটা আশাব্যঞ্জক খবৰ আহিছে।

বিদ্ৰোহী সংগঠনটোৰ নেতা এম বাথাই আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাথাই আন ৬০ গৰাকী সতীৰ্থৰ সৈতে আজি আনুষ্ঠানিক ভাবে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে বিনোদ মুছাহাৰী ওৰফে এম বাথাই সম্প্ৰতি অৰুণাচলত আন বহু সতীৰ্থৰ সৈতে আত্মগোপন কৰি আছে।

বাথা আৰু NLFB ৰ আন সদস্যসকলক আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দল অৰুণাচললৈ যোৱা বুলি সূত্ৰটোৱে সদৰী কৰিছে।

উল্লেখ্য ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে NDFB -এ অস্ত্ৰ পৰিহাৰ কৰাৰ পিছতে সেই সময়ৰ NDFB ৰ দুৰ্ধৰ্ষ নেতা বাথায়ো আত্মসমৰ্পন কৰিছিল।

কিন্তু পিছত তেওঁ পুনৰ অৰণ্যলৈ উভতি গৈছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত NLFB নামৰ নতুন বিদ্ৰোহী সংগঠনটোৰ জন্ম দিছিল।

বড়োভূমিক পুনৰ ৰক্তাক্ত কৰাৰ যড়যন্ত্ৰত লিপ্ত হোৱা NLFB ৰ নেতা বাথাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মষ্ট ৱাণ্টেড ঘোষণা কৰাৰ লগতে তেওঁৰ মূৰৰ মূল্য ১০ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল।

সঁচাকৈয়ে যদি বাথাই আজি আত্মসমৰ্পন কৰে তেন্তে এয়া হ’ব বড়োভূমিৰ বাবে এক আশাৰ বতৰা।