NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল আলফাৰ (স্বাঃ) ছাৰ্জেণ্ট মেজৰ

Posted by: অভিক চক্ৰৱৰ্তী March 30, 2018 6:15 pm
ulfa cadre

শুকুৰবাৰে ম্যানমাৰত প্ৰশিক্ষণ লৈ অহা আলফাৰ (স্বাঃ) সদস্য গৌতম দাধৰা ওৰফে গুঞ্জন অসমক ডিব্ৰুগড় অঞ্চলৰ বঙালপাৰাৰ আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীৰ মতে স্বয়ম্ভু ছাৰ্জেণ্ট মেজৰ (১ম ব্ৰিগেড) ধৃত আলফা সদস্যজন সংগঠনটোৰ ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা ১৭ মাৰ্চত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোৱাৰ বাবে উপস্থিত হৈছিল। দাধৰা হৈছে ডিব্ৰুগড় জিলাৰ কুতুহা বালিগাৱঁৰ বাসিন্দা। তেওঁৰ পৰা আৰক্ষীয়ে এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কৈছে যে ধৃত আলফা সদস্যজন তেওঁলোকৰ তালিকাত আছিল। আলফা সদস্যগৰাকীয়ে ২০১১ চনত আলফা (স্বাঃ)ত যোগদান কৰিছিল আৰু ম্যনমাৰৰ টেগাত মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল।

granade seized from the ulfa cadre

আৰক্ষী অধীক্ষক বৰাই জনাইছে যে প্ৰথমবাৰৰ জেৰাৰ সময়ত আলফা (স্বাঃ) সদস্যজনে জনাইছে যে ৪জন সহযোগীৰে সৈতে তেওঁ ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা মাৰ্চৰ ১৭ তাৰিখে ওলাই আহিছিল। সতীৰ্থ৪জনে তেওঁক অৰুণাচল-ম্যানমাৰৰ সীমান্তত এৰি থৈ উভতি গৈছিল। এক গোপনীয় সূত্ৰৰ পম খেদি তেওঁক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হৈছিল বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিছে। আৰক্ষীয়ে তেওঁৰ পৰা এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে। এই গ্ৰেনেডটো তেওঁ আত্মৰক্ষাৰ বাবে আনিছিল বুলি আৰক্ষীক জনাইছে।

আৰক্ষী অধীক্ষকজনৰ মতে আলফাৰ (স্বাঃ) প্ৰভাৱ লাহে লাহে হ্ৰাস পাই আহিছে আৰু সংগঠনটোৰ বহু সদস্যই নেতৃত্বৰ প্ৰতি আৰু সংগঠনটোৰ আদৰ্শৰ প্ৰতি মোহভংগ হৈ সংগঠন ত্যাগ কৰিছে।