NORTHEAST NOW (Assamese)
অসম

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ৪২ শিশু-কিশোৰ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 23, 2021 5:43 pm

অসম আৰক্ষীৰ জালত পৰিছে দুটা দুধৰ্ষ মানৱ সৰবৰাহকাৰী।

চিৰাং জিলাৰ তিনি খন গাঁওৰ পৰা সৰবৰাহ হৈছিল এইসকল শিশু।

মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে ৪২টা শিশু।

শুকুৰবাৰে পুৱতি নিশা পশ্চিমবংগ আৰু ছিকিমৰ সীমান্ত অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল এই শিশু সকল।

ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে চিৰাং আৰক্ষীয়ে। তাৰে এজন হৈছে কৃষ্ণ যোগী ।

বৰ্তমান চিৰাং আৰক্ষীৰ কবলত আছে দুই সৰবৰাহকাৰী।

m1

এই সকল শিশুৰ সৈতে খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠকত মিলিত হয়।  আৰক্ষী সঞ্চালক প্ৰধান, CID ৰ IGP আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়।

জানিব পৰা মতে চিৰাং SP গৌৰৱ উপাধ্যাৰ নেতৃত্বত ৩দিনত উদ্ধাৰ এই সকল শিশু। ৮ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ এইসকল শিশু-কিশোৰ।

আদিবাসী ,বাঙালী আৰু বড়ো সম্প্ৰদায় আছিল উদ্ধাৰ হোৱা শিশু কেইটা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি বিভিন্ন প্ৰলোভন দি লৈ যোৱা হৈছিল ৮০ টা কৈ শিশুক।

এই শিশু সকলক ঘৰুৱা আৰু দেহ ব্যৱসায়ৰ কামত লগাই বুলি জনায় মুখ্যমন্ত্ৰীয়ে ৷ দীৰ্ঘদিনৰ পৰা এই কাৰ্য্য লগত জড়িত কৰাই আনিছিল বুলিও তেওঁ কয়।

m2

ইয়াৰোপৰি, ভৱিষ্যতে শিশু সকল ক’ত থাকিব সেয়া cwc য়ে জনাব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

তেওঁ লগতে কয় ‘যদি ঘৰলৈ যায় তেতিয়া ঘৰৰ মানুহৰ লগত আলোচনা কৰি যাবলৈ দিয়া হব ৷ পঢ়া শুনাৰ খৰচ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব ৷’

পাঁচ- ছয় দিনৰ ভিতৰত গাওঁসমূহলৈ গৈ অভিভাৱকৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে ৷

মুম্বাই ডুবাই বেংগালুৰু আদি বিভিন্ন স্থানত আৰু বহু শিশু থকা বুলি জনায় মুখ্যমন্ত্ৰীয়ে৷

তাৎপয্যপূৰ্ণভাৱে উদ্ধাৰ হোৱা কিছু শিশুৰ অভিভাৱক সকলে নিজে পঠিয়াইছিল বুলি উল্লেখ কৰে ৷